আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহৰ মিত্ৰতাৰ কুচকাৱাজৰ মাজতে সৃষ্টি হৈছে এক ৰহস্যময় পৰিস্থিতিৰ। শুকুৰবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ছ’চিয়েল মিডিয়াত ‘সৰ্বশেষ চেষ্টাও ব্যৰ্থ’ বুলি কৰা এটা চুটি পোষ্টে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশেষকৈ কংগ্ৰেছৰ সৈতে আসন বুজাবুজিৰ আলোচনা চলি থকাৰ সময়তে বিধায়কগৰাকীৰ এই মন্তব্যই মিত্ৰজোঁটত ফাঁট মেলাৰ ইংগিত বহন কৰিছে। বিৰোধী ঐক্যৰ সন্দৰ্ভত অখিল গগৈয়ে নিজৰ পোষ্টটোত কোনো স্পষ্টীকৰণ দিয়া নাই যদিও ইয়াক লৈ চৰ্চা অব্যাহত আছে। তেওঁ লিখিছে, “সৰ্বশেষ চেষ্টাও ব্যৰ্থ।” ইফালে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে তেওঁলোকে ইতিমধ্যে চিপিআইএম, অসম জাতীয় পৰিষদ আৰু এপিএইচএলচিৰ সৈতে মিলি যুটীয়া নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতেও আলোচনা চলি থকা বুলি তেওঁ সদৰী কৰে। গৌৰৱ গগৈয়ে মিত্ৰতাৰ আশাবাদ ব্যক্ত কৰি কয়, “আজিৰ পৰা আমি সমগ্ৰ ৰাজ্যতে যুটীয়া প্ৰচাৰ সভা অনুষ্ঠিত কৰিম। আমাৰ দুৱাৰ সকলোৰে বাবে খোলা আছে আৰু আন দলৰ সৈতেও আমাৰ কথা-বতৰা চলি আছে।” অহা এপ্ৰিলৰ মাজভাগত ব’হাগ বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকাৰ বাবে বিৰোধী পক্ষই এতিয়া একগোট হোৱাৰ প্ৰয়াস কৰিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু চিপিআইএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰেও বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীৰ ঐক্যবদ্ধ যুঁজৰ ওপৰত গুৰুত্ব দিছে। অৱশ্যে অখিল গগৈৰ এই ৰহস্যজনক স্থিতিয়ে আসন ভাগ-বতৰাক লৈ বিৰোধী শিবিৰত যে সকলো ঠিক হৈ থকা নাই, তাকেই প্ৰমাণ কৰিছে। Share this:FacebookX Related Post navigation পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা ৰন্ধন গেছৰ মূল্যত অস্বাভাৱিক বৃদ্ধি; ঘৰুৱা চিলিণ্ডাৰত বৃদ্ধি ৬০ টকা, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ১১৪.৫ টকা