ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱত এতিয়া ৰাজ্যৰ শক্তিখণ্ডত তীব্ৰ সংকটৰ সৃষ্টি হৈছে। বিশেষকৈ বাণিজ্যিক চিলিণ্ডাৰৰ যোগান ব্যাহত হোৱাৰ ফলত গুৱাহাটী মহানগৰীৰ প্ৰায় ৭,০০০ সৰু-ডাঙৰ হোটেল-ৰেস্তোৰাঁৰ ভৱিষ্যত এতিয়া অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি সদৌ অসম ৰেস্তোৰাঁ সন্থাই জনোৱা মতে, চিলিণ্ডাৰৰ নাটনিৰ বাবে ইতিমধ্যে মহানগৰীৰ বহু ৰেস্তোৰাঁ বন্ধ হৈ পৰিছে।

উল্লেখযোগ্য যে, যোৱা এসপ্তাহ ধৰি বাণিজ্যিক চিলিণ্ডাৰৰ যোগান সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ ফলত একাংশ ব্যৱসায়ীয়ে এতিয়া খৰি ব্যৱহাৰ কৰিবলগীয়া হৈছে। আনকি অনলাইন অৰ্ডাৰো ইতিমধ্যে বহু প্ৰতিষ্ঠানে বন্ধ ৰাখিছে। সন্থাৰ কাৰ্যকৰী সদস্য অতুল লহকৰে কয় যে ক’লা বজাৰত একোটা বাণিজ্যিক চিলিণ্ডাৰ ৪,০০০ টকালৈকে বিক্ৰী হৈছে। আনহাতে, বজাৰত বাণিজ্যিক ইণ্ডাকশ্যনৰো অভাৱ হোৱাত ৰেস্তোৰাঁ মালিকসকল দিশহাৰা হৈ পৰিছে।

সন্থাই জনোৱা মতে, ব্যৱসায়িক লাভালাভৰ লগতে হাজাৰ হাজাৰ লোকৰ সংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই ক্ষেত্ৰত জৰুৰী পদক্ষেপ গ্ৰহণ কৰা উচিত। সভাপতি তপন বৰুৱাই জানিবলৈ দিয়ে যে তেওঁৰ দৰে বহু স্বত্বাধিকাৰীয়ে ইতিমধ্যে নিজৰ কেইবাখনো ৰেস্তোৰাঁ বন্ধ ৰাখিবলগীয়া হৈছে। ইফালে, ঘৰুৱা ৰন্ধন গেছৰ যোগানতো একেই অনিশ্চয়তাই দেখা দিছে। উজান বজাৰৰ গেছ এজেঞ্চিৰ সূত্ৰই সদৰী কৰা মতে, প্ৰয়োজনতকৈ বহুত কম পৰিমাণৰ চিলিণ্ডাৰহে বৰ্তমান যোগান ধৰিব পৰা হৈছে, যাৰ ফলত সাধাৰণ গ্ৰাহকৰ মাজতো হাহাকাৰৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *