মেঘালয়ৰ পাহাৰবোৰত ছন্দ, শক্তি আৰু সাংস্কৃতিক সম্প্ৰীতিৰ এটা মায়াময় নিশালৈ উদ্ভৱ হৈছিল যেতিয়া আন্তঃৰাষ্ট্ৰীয় পপ চাঞ্চল্য মহম্বিয়ে ২৫ অক্টোবৰত ম’কাছিয়াঙৰ লাৰিতিত এক শ্বাসৰুদ্ধকাৰী লাইভ কনচাৰ্টৰ জৰিয়তে ভাৰতত আত্মপ্ৰকাশ কৰিছিল, যিয়ে চহৰখনৰ আকাশ-বতাহ মুখৰিত কৰি তুলিছিল। মেঘালয় পৰ্যটন আৰু মেঘালয় এজৰ সহযোগত ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত প্ৰায় ৩,৫০০ লোকৰ উৎসাহী দৰ্শকক আকৰ্ষণ কৰি শ্বিলঙক সংগীত আৰু উদযাপনৰ এক বিশ্বব্যাপী মঞ্চলৈ ৰূপান্তৰিত হৈ পৰে। “বাম্পি ৰাইড” আৰু “ককনাট ট্ৰি”ৰ দৰে তালিকাৰ শীৰ্ষস্থান দখল কৰা হিট গীতৰ বাবে বিশ্বজুৰি পৰিচিত ছুইডিছ-কংগোৰ শিল্পী মহম্বি জাছি মৌপণ্ডোৱে প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত আফ্ৰিকান-পপ, নৃত্য, আৰু বিশ্বব্যাপী ছন্দৰ স্বাক্ষৰযুক্ত মিশ্ৰণ প্ৰদৰ্শন কৰিছিল।

দেশে দেশে বিস্তৃত সহযোগিতা আৰু চমকপ্ৰদ সংগীত পৰিবেশনৰ বাবে খ্যাতি অৰ্জন কৰা মহম্বিৰ শ্বিলঙত আত্মপ্ৰকাশে শিল্পী আৰু প্ৰাণৱন্ত সংগীত পৰিৱেশ উভয়ৰে বাবে এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছিল। মেঘালয়ৰ স্থানীয় প্ৰতিভাধৰসকল ক্ৰমে জেচি লিংডো, গেৰী ডেনিয়েল, কুইলছ, ছেভ আৰু মেবানৰ প্ৰদৰ্শনেৰে কনচাৰ্ট আৰম্ভ হৈছিল-যাৰ গতিশীল ৰূপে প্ৰত্যাশিতভাৱে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰিছিল। এই কনচাৰ্টৰ পিছত টেভাৰ্ন ক্লাব, কৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙত উদযাপন অব্যাহত থাকে, য’ত নিশা ৯ বজাৰ পৰা আৰম্ভ হয় এক এক্সক্লুছিভ আফটাৰ পাৰ্টি। মায়াবী নিশাটোত ব্ৰেইনি, মেবান, কুইলছ, চেভ আৰু গেৰী ডেনিয়েলৰ অভিনয়ে এই জীপাল মুহূৰ্তক এক অন্তৰংগ আৰু হৃদয়স্পৰ্শী অনুভূতিৰে জীৱন্ত কৰি ৰাখিছিল। এটা সাক্ষাৎকাৰত মহম্বিয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, “শ্বিলঙত প্ৰদৰ্শন কৰাটো এক অবিস্মৰণীয় অভিজ্ঞতা আছিল-মেঘালয়ৰ শক্তি, জনসাধাৰণ আৰু সৌন্দৰ্যই মোক সঁচাকৈয়ে অনুপ্ৰাণিত কৰিছিল।”

শ্বিলঙত মহম্বিৰ আয়োজন কেৱল সংগীততে সীমাৱদ্ধ নাছিল; ই মেঘালয়ৰ সংস্কৃতি, সংযোগ আৰু চেতনাক উদযাপন কৰা এক অভিজ্ঞতা সৃষ্টিৰ বিষয়ো আছিল। ”  – এইদৰে উল্লেখ কৰে কৰ্টয়াৰ্ড বাই মেৰিয়ট শ্বিলঙৰ জেনেৰেল মেনেজাৰ তনুজ আৰোৰাই। এই অনুষ্ঠানটো বাস্তৱত পৰিণত কৰাত চৰকাৰী বিষয়াসকল, গণ্যমান্য ব্যক্তি  আৰু স্থানীয় জনগোষ্ঠীয় লোকসকলৰ অপৰিসীম সহায়ৰ বাবে ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *