গুজৰাটৰ আহমেদাবাদস্থিত চেলউইন ট্ৰেডাৰ্ছ লিমিটেডৰ সঞ্চালক মণ্ডলী(বৰ্ড অৱ ডাইৰেক্টৰে)য়ে পেটেল কণ্টেইনাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডত কৌশলগত বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰতিষ্ঠানটোৱে পেটেল কণ্টেইনাৰত ৩৬% অংশীদাৰিত্ব অধিগ্ৰহণ কৰিব, যি আগন্তুক দুবছৰত ৫১% লৈকে সম্প্ৰসাৰিত হ’ব। গুজৰাটৰ ভৱনগৰ জিলাত লজিষ্টিক কণ্টেইনাৰৰ বাবে নতুন উৎপাদন কেন্দ্ৰ স্থাপনৰ বাবে সহায়ক হোৱাকৈ চেল উইন ট্ৰেডাৰ্ছৰ দ্বাৰা বিনিয়োগ ব্যৱহাৰ কৰা হ’ব। ২০২৪ বৰ্ষৰ ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিটত গুজৰাটৰ ভৱনগৰস্থিত লজিষ্টিক কণ্টেইনাৰ নিৰ্মাণকেন্দ্ৰত ৪৫ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে পেটেল কণ্টেইনাৰে। লজিষ্টিক আৰু বিতৰণ অনুকূল কৰি ২০২৫ বৰ্ষৰ ভিতৰত ১০০ নিয়োগ সৃষ্টি কৰিব বুলি আশা কৰা এই প্ৰকল্পটোৱে প্ৰধান বন্দৰ আৰু বাণিজ্যিক পথৰ সমীপত কৌশলগত স্থানৰ পৰা লাভৱান হ’ব। ২০২৪ বিত্তীয় বৰ্ষত কোম্পানীটোৱে ব্যৱসায়িক কাৰ্য-কলাপ অন্য দিশলৈ সম্প্ৰসাৰিত কৰিছে আৰু মুঠ আয় ৫৬% বৃদ্ধি পাই ৬১.৭ কোটি টকা হৈছে, এই পৰিমাণ ২০২৩ বিত্তীয় বৰ্ষত আছিল ৩৯.৬০ কোটি টকা। কোম্পানীটোৱে মেটেল উদ্যোগত সুযোগ অন্বেষণ কৰিবলৈ শ্বাহ মেটাকৰ্প লিমিটেডত প্ৰায় ২০০ মিলিয়ন টকাৰ পুঁজি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। কোম্পানীটোৱে ১.২ কোটি ৱাৰেণ্টক ১০ টকাকৈ ১.২ কোটি ইকুইটি শ্বেয়াৰলৈ ৰূপান্তৰিত কৰি শ্বেয়াৰহোল্ডাৰৰ অনুমোদন সাপেক্ষে ২০২৪ চনৰ ১৭ মে’ত বেদান্ত ৰাকেশ পাঞ্চলক পৰিচালন সঞ্চালক আৰু অধ্যক্ষ হিচাপে নিযুক্তি দিছে। নতুন দায়িত্বৰ বিষয়ে চেলউইন ট্ৰেডাৰ্ছ লিমিটেডৰ পৰিচালন সঞ্চালক বেদান্ত পাঞ্চলে কয় যে, “উন্নত উৎপাদন প্ৰযুক্তি ব্য়ৱহাৰৰ জৰিয়তে দক্ষ কাৰ্যকৰী চেটআপ স্থাপন কৰি চেলউইন ট্ৰেডাৰ্ছে পেটেল কণ্টেইনাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে এই বিনিয়োগৰ জৰিয়তে ফলপ্ৰসূ ফলাফল আৰু ইতিবাচক আৰম্ভণি আশা কৰিব পাৰে।” Share this:FacebookX Related Post navigation এমজি হেক্টৰক নীলছনআইকিউ সেৱা ব্যয় জৰীপৰ দ্বাৰা এছইউভি শাখাৰ সৰ্বশ্ৰেষ্ঠ মূল্যৰ বাহন হিচাপে স্বীকৃতি গুৱাহাটীৰ ৰেল ষ্টেচনত জব্দ ব্ৰাউন চুগাৰ জব্দ