২০০২ চনৰ সাংবাদিক হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ সাত বছৰৰ পাছত আজি ডেৰা সচ্চা সৌদাৰ মুৰব্বী গুৰমিত ৰাম ৰহিম সিঙক দোষমুক্ত ঘোষণা কৰিছে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে। শনিবাৰে মুখ্য ন্যায়াধীশ শীল নাগুৰ নেতৃত্বত গঠিত উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চে সাংবাদিক ৰাম চন্দ্ৰ ছত্ৰপতিৰ হত্যাকাণ্ডৰ আপীলৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে। অৱশ্যে এই একেটা গোচৰতে অভিযুক্ত আন তিনিজন লোকৰ দণ্ডাদেশ আদালতখনে বাহাল ৰাখিছে।

ইফালে, সাংবাদিকগৰাকীৰ পুত্ৰ অংশুল ছত্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক এক বৃহৎ প্ৰত্যাহ্বান বুলি অভিহিত কৰে। তেওঁ এই ৰায়ৰ বিৰুদ্ধে অতি সোনকালে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে ২০১৯ চনত পঞ্চকুলাৰ এখন বিশেষ চিবিআই আদালতে ৰাম ৰহিম আৰু আন তিনিজনক এই হত্যাকাণ্ডৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।

ঘটনাৰ বিৱৰণী অনুসৰি, ২০০২ চনৰ অক্টোবৰ মাহত ছিৰসাত নিজা ঘৰৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল সাংবাদিক ৰাম চন্দ্ৰ ছত্ৰপতিক। তেওঁৰ বাতৰি কাকত ‘পুৰা সঁচ’ত ডেৰা মুখ্য কাৰ্যালয়ত মহিলা অনুগামীসকলৰ ওপৰত চলা যৌন নিৰ্যাতনৰ বিষয়ে এখন বেনামী চিঠি প্ৰকাশ কৰাৰ পাছতেই এই আক্ৰমণ সংঘটিত হৈছিল। পাছলৈ ২০০৬ চনত এই গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰা হৈছিল।

বৰ্তমান ৰাম ৰহিম সিং ৰোহটকৰ সুনাৰিয়া কাৰাগাৰত বন্দী হৈ আছে। তেওঁ ২০১৭ চনত দুগৰাকী অনুগামীক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰীয়া কাৰাদণ্ডৰ শাস্তি ভোগ কৰি আছে। ইয়াৰ পূৰ্বে ২০২৪ চনৰ মে’ মাহতো আন এজন পৰিচালকৰ হত্যাৰ গোচৰত উচ্চ ন্যায়ালয়ে তেওঁক দোষমুক্ত ঘোষণা কৰিছিল। আৰক্ষীৰ তদন্তত আসোঁৱাহ থকাৰ বাবেই আদালতে তেওঁক ৰেহাই দিছিল বুলি ধাৰণা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *