আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছৰফৰাজ আহমেদে। প্ৰায় দুটা দশকৰ কেৰিয়াৰত ৬,১৬৪ ৰান সংগ্ৰহ কৰিছিল আৰু তেওঁৰ অধিনায়কত্বত ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পাকিস্তানে ভাৰতক ১৮০ ৰানত পৰাস্ত কৰি আঠ বছৰৰ পাছত আইচিচিৰ খিতাপ দখল কৰিছিল। কৰাচীত জন্মগ্ৰহণ কৰা উইকেটকীপাৰ বেটছমেন ছৰফৰাজে ২০০৭ চনৰ নৱেম্বৰ মাহত জয়পুৰত ভাৰতৰ বিৰুদ্ধে এদিনীয়া খেলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। পাকিস্তানৰ হৈ ৫৪খন টেষ্ট, ১১৭খন এদিনীয়া, ৬১খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। তিনিওটা ফৰ্মেটতে তেওঁৰ ৬১৬৪ ৰান আছে, য’ত ছটা শতক আৰু ৩৫টা অৰ্ধশতক আছে। ইয়াৰ উপৰিও তেওঁ ৩১৫টা কেচ আৰু ৫৬টা ষ্টাম্পিং লয়। ছৰফৰাজে ৫০খন এদিনীয়া, ৩৭খন টি-২০, ১৩খন টেষ্টকে ধৰি ১০০খন আন্তঃৰাষ্ট্ৰীয় মেচত পাকিস্তানৰ অধিনায়কত্ব কৰিছিল। তেওঁৰ অধিনায়কত্বত পাকিস্তানে টি-২০ ৰেংকিঙত এক নম্বৰ স্থান দখল কৰি একেৰাহে ১১ খন টি-২০ শৃংখলাত জয়লাভ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। জুনিয়ৰ আৰু ছিনিয়ৰ দুয়োটা পৰ্যায়তে পাকিস্তানক আইচিচি খিতাপ দখল কৰা একমাত্ৰ অধিনায়ক ছৰফৰাজ। ২০০৬ চনত শ্ৰীলংকাত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপতো তেওঁ দলটোক নেতৃত্ব দিছিল, ফাইনেলত ভাৰতক পৰাস্ত কৰিছিল। অধিনায়কত্বৰ সময়ছোৱাত বাবৰ আজম, শ্বাহীন শ্বাহ আফ্ৰিদি, হাছান আলী, ইমাম-উল-হক, ফাহীম আছৰাফ, ফখৰ জামান, ছাদাব খান আদি খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় দলত স্থান লাভ কৰে। ২০১৮ চনত পাকিস্তান চৰকাৰে প্ৰাইড অৱ পাৰফৰমেন্স বঁটাৰে সন্মানিত হোৱা ছৰফৰাজ এই সন্মান লাভ কৰা পাকিস্তানৰ আটাইতকৈ কম বয়সীয়া অধিনায়ক হিচাপে পৰিগণিত হয়। মহম্মদ ৰিজৱানৰ আগমনৰ পিছত দলত ছৰফৰাজৰ স্থান কমি আহিল। ২০২৩ চনৰ ডিচেম্বৰ মাহত পাৰ্থ টেষ্টত শেষবাৰৰ বাবে পাকিস্তানৰ হৈ খেলিছিল। এতিয়া বিশ্বাস কৰা হৈছে যে ভৱিষ্যতে তেওঁ পাকিস্তান দলৰ সৈতে প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। অৱসৰৰ কথা ঘোষণা কৰি ছৰফৰাজে কয় যে পাকিস্তানক প্ৰতিনিধিত্ব কৰাটো তেওঁৰ জীৱনৰ সৰ্ববৃহৎ সন্মান। তেওঁ কয় যে ২০০৬ চনত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰাৰ পৰা ২০১৭ চনত চেম্পিয়নছ ট্ৰফী উত্তোলন কৰালৈকে প্ৰতিটো মুহূৰ্ত বিশেষ আছিল। ছৰফৰাজ আহমেদক পাকিস্তান টেষ্ট দলৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিব পাৰে। ২০২৬ চনৰ মে’ মাহত বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ জৰিয়তে প্ৰশিক্ষকৰ কাৰ্যকাল আৰম্ভ কৰিব ৩৮ বছৰীয়া ছৰফৰাজে। ইয়াৰ পূৰ্বে পাকিস্তান ১৯ বছৰ অনুৰ্ধ আৰু পাকিস্তান শ্বাহীন দলৰ সৈতে গুৰু আৰু প্ৰশিক্ষক হিচাপে কাম কৰিছিল। Share this:FacebookX Related Post navigation ফিফা বিশ্বকাপত ইৰানৰ ফুটবল দলক অংশগ্ৰহণ নকৰিবলৈ পৰামৰ্শ ড’নাল্ড ট্ৰাম্প পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল বাংলাদেশৰ