ভাৰতক তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অ’পেনাৰ সঞ্জু চেমছনে সদ্য সমাপ্ত প্ৰতিযোগিতাখনৰ ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ হৈ এক অনন্য অভিলেখ গঢ়ি তুলিছে। আইচিচি (আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ)ৰ পুৰুষ বা মহিলা প্ৰতিযোগিতাত নিজৰ দলৰ হৈ চাৰিখন মেচত অংশ ল’ব নোৱাৰিলেও চেমছনে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে মাত্ৰ চাৰিজন খেলুৱৈয়েহে নিজৰ দলৰ সকলো মেচতে অংশ ল’ব নোৱাৰিলেও টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছে। এই খেলুৱৈসকলে অৱশ্যে নিজৰ দলৰ হৈ মাত্ৰ এখন মেচত অংশ ল’ব নোৱাৰিলে। প্ৰতিযোগিতাখনৰ আৰম্ভণিতে চেমছনে ৰান সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰিছিল আৰু সেয়েহে প্ৰাৰম্ভিক মেচসমূহত প্লেইং এলিভেনত নিৰ্বাচিত হোৱা নাছিল। অভিষেক শৰ্মাৰ অসুস্থতাৰ বাবে প্ৰতিযোগিতাখনৰ মাজভাগত এখন মেচ খেলাৰ সুযোগ পাইছিল যদিও পৰৱৰ্তী সময়ত তেওঁক বাদ দিয়া হৈছিল। ছুপাৰ ৮ত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজয়ৰ পিছত ভাৰতে নিজৰ শীৰ্ষ ক্ৰমত বাওঁহাতৰ বেটছমেনৰ প্ৰাধান্যৰ প্ৰতি লক্ষ্য ৰাখি সোঁহাতৰ বেটছমেন চেমছনক সুযোগ দিলে আৰু কেৰেলাৰ খেলুৱৈগৰাকীয়ে পিছলৈ ঘূৰি নাচালে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল ষ্টাইলৰ খেলখনত চেমছনে অপৰাজিত ৯৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত ৮৯ ৰান আৰু তাৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেলত ৮৯ ৰান কৰি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ বাবেই তেওঁক টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। এই প্ৰতিযোগিতাত ভাৰতে মুঠ ৯খন খেল খেলিছিল, ইয়াৰে চেমছনে মাত্ৰ ৫খন খেলহে খেলিছিল। ইয়াৰ পূৰ্বে আইচিচিৰ পুৰুষ বা মহিলা প্ৰতিযোগিতাত খেলুৱৈৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা যিকোনো খেলুৱৈয়ে হয় নিজৰ দলৰ সকলো মেচ খেলিছিল নহয় মাত্ৰ এখন খেলতে খেলিব নোৱাৰিলে। আই চি চি টুৰ্ণামেণ্টত এখনো মেচ খেলা নাই সত্ত্বেও প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা লাভ কৰা খেলুৱৈসকলৰ ভিতৰত অষ্ট্ৰেলিয়াৰ লিজা কেইটলী (মহিলা এদিনীয়া বিশ্বকাপ ২০০০, ৯ খনৰ ভিতৰত ৮খন খেল খেলিছিল), অষ্ট্ৰেলিয়াৰ কেৰেন ৰলটন (মহিলা এদিনীয়া বিশ্বকাপ ২০০৫, আঠখন মেচৰ ভিতৰত সাতখন খেলিছিল), ইংলেণ্ডৰ কেভিন পিটাৰচেন (পুৰুষৰ টি-২০ বিশ্ব কাপ ২০১০, সাতখন খেলৰ ভিতৰত ছখন খেল খেলিছিল), আৰু নিউজিলেণ্ডৰ ৰচিন ৰবীন্দ্ৰ (চেম্পিয়নছ ট্ৰফী ২০২৫, পাঁচখন মেচৰ ভিতৰত চাৰিখন খেলিছিল)। Share this:FacebookX Related Post navigation গুজৰাট টাইটানছৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি মেথিউ হেডেন