অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ আগমন অব্যাহত থকাৰ সময়তে কাছাৰ জিলাত পুনৰ ৪ জন ৰোহিঙ্গিয়া নাগৰিক আৰক্ষীৰ জালত পৰিছে। কাছাৰৰ কাটিগড়া থানাৰ অন্তৰ্গত যোগীপাৰা অঞ্চলৰ এখন স্থানীয় হোটেলত আশ্ৰয় লৈ থকা অৱস্থাত স্থানীয় ৰাইজে এই দলটোক প্ৰত্যক্ষ কৰে। তেওঁলোকৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰি স্থানীয় লোকে লোককেইজনক আটক কৰে আৰু পাছত আৰক্ষীক গতাই দিয়ে।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে, ধৃত ৰোহিঙ্গিয়াকেইজনে বাংলাদেশৰ জালালপুৰ সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। তেওঁলোকে হোটেলখনত এজন মধ্যভোগীৰ বাবে অপেক্ষা কৰি আছিল, যিয়ে তেওঁলোকক পৰৱৰ্তী লক্ষ্যস্থানলৈ লৈ যোৱাৰ কথা আছিল। তালাচীৰ সময়ত তেওঁলোকৰ পৰা বাংলাদেশৰ শৰণাৰ্থী শিবিৰৰ কিছু পৰিচয় পত্ৰও উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

বৰ্তমান ধৃত চাৰি ৰোহিঙ্গিয়াক আৰক্ষীয়ে তীব্ৰ জেৰা চলাই আছে। তেওঁলোকৰ সৈতে কোনো আন্তঃৰাষ্ট্ৰীয় মানৱ সৰবৰাহকাৰী চক্ৰ জড়িত আছে নেকি, সেই দিশটোও তদন্ত কৰি থকা বুলি জনাইছে জিলা আৰক্ষীয়ে। উল্লেখ্য যে, বিগত কেইদিনমানত সীমান্তৱৰ্তী জিলাখনত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আৰক্ষী আৰু বি এছ এফে নিৰীক্ষণ অধিক কঠোৰ কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *