চৌধুৰীবজাৰ চামৰালি তিনিআলি মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি স্বফিকুৰ ৰহমানৰ পৌৰহিত্যত হোৱা এক অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক গোলাম নবীক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়৷

১৯৯৪ চনত যোগদান কৰা এইগৰাকী শিক্ষকে সুদীৰ্ঘকাল চাকৰি কৰি এই বৰ্ষতেই চাকৰি জীৱনৰ পৰা অৱসৰগ্ৰহণ কৰে৷ আজি এক আৱেগিক পৰিৱেশত বিদায়ী ভাষণত তেওঁৰ জীৱনৰ বহুকথা কয়৷ তেওঁ ভাষণ প্ৰসংগত উকালতি কৰাৰ সপোন দেখা ছাত্ৰজনে বিজ্ঞান শিক্ষক হিচাপে সেৱা প্ৰদান কৰাৰ সুযোগ লাভ কৰা আঁৰৰ ব্যক্তিসকলৰ কৃতজ্ঞতা প্ৰকাশ কৰে৷এই অনুষ্ঠানত প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া হোছেন আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক আবু বক্কৰ, ইচহাক আলী, শিক্ষয়িত্ৰী ৰোচনাৰা বেগম, প্ৰতিভা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ নাজিম উদ্দিন ,চৌধুৰীবজাৰ আৰ্টছ জুনিয়ৰ কলেজৰ অধ্যক্ষ আব্দুল বাচিতকে ধৰা ভালেমান অতিথি উপস্থিত থাকে৷

উল্লেখ যোগ্য যে বিদ্যালয় কতৃপক্ষ আৰু প্ৰাক্তন ছাত্ৰ -ছাত্ৰীয়ে ৰাইজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত চৌধুৰী বজাৰ অঞ্চলৰ দল সংগঠন, বিভিন্ন বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে সম্বৰ্ধনা পত্ৰ, শৰাই, জাপি, গামোচা, কাপোৰ, ছাতি আদিকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীৰে বিদায়ী শিক্ষকক সম্বৰ্ধনা জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *