পুনৰ বৃদ্ধি পাব পাৰে ৰিচাৰ্জৰ মূল্য। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য় অনুসৰি ৫০ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে দাম।টেলিকম সেৱা প্ৰদানকাৰীয়ে পুনৰ দাম বৃদ্ধিৰ কথা চিন্তা কৰিছে। অৱশ্যে সকলো ৰিচাৰ্জৰ ক্ষেত্ৰত এই পৰিৱৰ্তন দেখা নাযাব। গতিকে কব পাৰি যে,একাংশই এই মূল্যবৃদ্ধিৰ পৰা কিছু পৰিমাণে ৰেহাই লাভ কৰিব।আগন্তুক সপ্তাহৰ পৰা ৰিচাৰ্জৰ নামৰ আপুনি অধিক ধন ভৰিব লাগিব পাৰে।খবৰ অনুসৰি, সকলোবোৰ কোম্পানীৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি নহ’ব পাৰে। কিন্তু জিঅৰ বাহিৰে আন সকলোৱে মূল্য বৃদ্ধি কৰিব পাৰে। ইতিমধ্যে ভোডাফোন-আইডিয়াই বাৰ্ষিক ৰিচাৰ্জৰ মূল্য ১২ শতাংশ বৃদ্ধি কৰি ২০০০ টকা কৰিছে। ৮৪ দিনীয়া ৰিচাৰ্জৰ মূল্যও বৃদ্ধি পাইছে। ভাৰতী এয়াৰটেলেও একেই সিদ্ধান্ত লৈছে। শেহতীয়াকৈ সস্তীয়া প্লেনত ১০ টকা বৃদ্ধি কৰিছে। অৱশ্যে চৰকাৰী কোম্পানী BSNL য়েহে মূল্য হ্ৰাস কৰিছে।এই সকলোবোৰ অৱশ্য়ে অনুমানহে। এতিয়াও মূল্যবৃদ্ধি ক্ষেত্ৰত সিদ্ধান্ত চূড়ান্ত হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *