প্ৰচণ্ড জাৰ আৰু ঘন কুঁৱলীৰ বাবে জনজীৱন ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীৰ সুৰক্ষাৰ স্বাৰ্থত এক জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।আগন্তুক এসপ্তাহৰ বাবে কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ ঘোষণা কৰিছে প্ৰশাসনে। প্ৰচণ্ড শীতৰ বাবে কামৰূপ মহানগৰ জিলাত ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বন্ধ থাকিব সকলো চৰকাৰী বিদ্যালয়।জিলা আয়ুক্তৰ সৈতে আলোচনা কৰি শিক্ষা বিভাগে এই নিৰ্দেশ জাৰি কৰিছে আৰু ব্যক্তিগত বিদ্যালয়সমূহকো এই সিদ্ধান্ত বিবেচনা কৰিবলৈ পৰামৰ্শ দিছে।

ঘন কুঁৱলীৰ বাবে দেশত ১২৮ খনকৈ বিমানৰ উৰণ বাতিল হোৱাৰ বিপৰীতে উত্তৰ-পূৰ্বাঞ্চলত অহা ২ জানুৱাৰীলৈকে বতৰ একেই থাকিব বুলি সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।উল্লেখযোগ্য যে, পৰিস্থিতি সাপেক্ষে ৰাজ্যৰ আন জিলাসমূহৰ আয়ুক্তকো বিদ্যালয় বন্ধৰ সন্দৰ্ভত স্বতন্ত্ৰ সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।আনহাতে, অসমৰ লগতে মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডতো আগন্তুক দুদিনৰ বাবে ঘন কুঁৱলীৰ আচ্ছাদন অব্যাহত থকাৰ পূৰ্বানুমান কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই।

Leave a Reply

Your email address will not be published. Required fields are marked *