ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে প্ৰবীণ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। এই বিষয়ে তেওঁ ছ’চিয়েল মিডিয়াত অৱগত কৰে। অশ্বিনে লিখিছে- কোৱা হয় যে প্ৰতিটো শেষত নতুন আৰম্ভণি আছে, আই পি এল ক্ৰিকেটাৰ হিচাপে মোৰ সময় আজি শেষ হৈছে, কিন্তু আন বহু লীগত খেলাৰ সময় আজিৰ পৰা আৰম্ভ হৈছে। ২০২৫ চনৰ আই পি এলত চি এছ কে দলৰ অংশ আছিল অশ্বিন, কিন্তু তেওঁ বহু মেচ খেলা নাছিল। চলিত বৰ্ষৰ আই পি এলৰ অন্তিমখন মেচ ২০ মে’ত খেলিছিল। আই পি এলত ২২১ খন মেচ খেলা অশ্বিনৰ নামত ১৮৭ টা উইকেট (ইকনমি ৰেট ৭.২৯) আৰু ৮৩৩ ৰান (ষ্ট্ৰাইক ৰেট ১১৮)। যোৱা ছিজনত তেওঁ চি এছ কেৰ হৈ ৯খন মেচ খেলিছিল। মেগা নিলামত চি এছ কেয়ে ৯.৭৫ কোটি টকাত ক্ৰয় কৰা অশ্বিনক ৯ বছৰৰ পাছত ঘৰুৱা ফ্ৰেঞ্চাইজিলৈ ঘূৰি আহে। ২০১৬ চনৰ পৰা ২০২৪ চনৰ ভিতৰত তেওঁ দিল্লী কেপিটেলছ, পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল। চি এছ কেৰ সৈতে আই পি এল কেৰিয়াৰ আৰম্ভ কৰি ২০০৮ চনৰ পৰা ২০১৫ চনলৈকে দলটোৰ সৈতে আছিল। যোৱা বছৰৰ ডিচেম্বৰ মাহত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ১৪ৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হোৱা গাবা টেষ্টৰ পিছত তেওঁ অৱসৰৰ কথা ঘোষণা কৰে। তিনিওটা ফৰ্মেটতে ২৮৭খন খেল খেলি অশ্বিনে ৭৬৫টা উইকেট দখল কৰে। অশ্বিন ভাৰতৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী। ৯৫৩টা উইকেট দখল কৰা অনিল কুম্বলেহে আগবাঢ়ি আছে। Share this:FacebookX Related Post navigation এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ৩টা সোণসহ ৮ পদক ভাৰতৰ আৰ চি বিয়ে ১১ মৃত পৰিয়াললৈ ২৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা