কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ  পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে বৃহত্তৰ ৰাণী অঞ্চলৰ আৰ্থিকভাবে দুৰ্বল ১০ গৰাকী মহিলা- যুৱতীক ৭ ফেব্ৰুৱাৰীৰ পৰা ২০ দিনীয়াকৈ উন্নত মানৰ চিলাই প্ৰশিক্ষণ প্ৰদান কৰা হয়। মূলতঃ যুৱতী – মহিলাসকলে যাতে কাপোৰ চিলাইকে ধৰি চিলাই মেচিনেৰে কৰিব পৰা কামসমূহ কৰি আৰ্থিকভাবে স্বাৱলম্বী হব পাৰে সেই লক্ষ্যৰে দক্ষ প্ৰশিক্ষকৰ দ্ৱাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়।

আনহাতে  প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই প্ৰশিক্ষণ গ্ৰহণ কৰা ১০ গৰাকী মহিলা – যুৱতীক একোটাকৈ চিলাই মেচিন বিতৰণ  কৰে। ভাষণ প্ৰসংগত ৰাজীৱ কুমাৰ ঝাই প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলা – যুৱতীসকলে যাতে চিলাই কাম কৰি  স্বাৱলম্বী হব পাৰে তাৰ কামনা কৰে আৰু আগন্তুক দিনতো তেওঁলোকে কিবা সহায় বিচাৰিলে বাহিনীটোৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়াব বুলি ঘোষণা কৰে।

অনুষ্ঠানত বাহিনীটোৰ ছেকেণ্ড ইন কমাণ্ড অমিত সিনহা, ডেপুটী কমাডেণ্ট বিৰাট কুমাৰ সিং, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি ১৭৫ চি আৰ পি এফৰ কেবাজনো বিষয়া উপস্থিত আছিল। উল্লেখ্য যে বাহিনীটোৰ ফালৰ পৰা বিগত সময়চোৱাত বৃহত্তৰ ৰাণী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত শ্ৰেণী কোঠা, প্ৰস্ৰাৱগাৰ সৌচাগাৰ আদি নিৰ্মাণ কৰাৰ উপৰিও আৰ্থিকভাবে স্বাৱলম্বী হোৱাৰ বাবে বহু যুৱক -যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *