কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত  ১৭৫ বেটেলিয়নৰ উদ্যোগত ভাৰতত হকীৰ ১০০ বছৰ  সম্পূৰ্ণ হোৱা উপলক্ষে শুকুৰবাৰে এক গ্ৰেণ্ড হকী খেলৰ আয়োজন কৰা হয়।

মুখ্য কাৰ্যালয়ৰ কোম্পানী দল আৰু সংলগ্ন কৰ্মীদলৰ মাজত অনুষ্ঠিত এক  ৰোমাঞ্চকৰ খেলত  দুয়োটা দলে ২-২ গ’লত ড্ৰ’ত অন্ত পেলায়। আনহাতে সামৰণিত অনুষ্ঠিত অনুষ্ঠবাতব মুখ্য অতিথি হিচাপে ১৭৫ বেটেলিয়ানৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই চমু ভাষণত  কয় যে ভাৰতে হকীৰ ১০০ বছৰ উদযাপন কৰিছে।

অনুষ্ঠানত ছেকেণ্ড ইন কমাণ্ড  মুকুন্দ মোহন আৰু  অমিত সিনহা, ডেপুটী কমাণ্ডেণ্ট বিৰাট কুমাৰ সিং, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় ​​কুমাৰৰ লগতে বেটেলিয়নৰ সকলো অধীনস্থ বিষয়া আৰু জোৱান আৰু বহু দৰ্শক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *