ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ দহ দিনৰ পাছত নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে অহা ৯ ছেপ্টেম্বৰত এই পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ সময়সূচী অনুসৰি ৭ আগষ্টত এই অধিসূচনা জাৰি কৰাৰ লগতে ২১ আগষ্টত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ।

২২ আগষ্টত মনোনয়নৰ তদন্ত আৰু ৯ ছেপ্টেম্বৰত ভোটগ্ৰহণ আৰু গণনা কৰা হ’ব। সংসদৰ দুয়োটা সদনৰ সদস্যৰে গঠিত এখন নিৰ্বাচনী মণ্ডলীৰ দ্বাৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়। এই নিৰ্বাচন আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থা আৰু একক হস্তান্তৰযোগ্য ভোট পদ্ধতি ব্যৱহাৰ কৰি অনুষ্ঠিত কৰা হয়।

ইয়াত ভোটাৰসকলে প্ৰাৰ্থীৰ নামৰ সন্মুখত ১, ২, ৩, ৪, ৫ আদি নম্বৰ দি নিজৰ পছন্দৰ ক্ৰম সূচায়। গোপন বেলট পেপাৰৰ জৰিয়তে ভোটদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *