পশ্চিম এছিয়াৰ বৰ্তমানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ সংসদত আলোচনা কৰিবলৈ চৰকাৰে সন্মতি নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। সোমবাৰে সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গান্ধীয়ে দাবী কৰে যে এই আলোচনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একাংশ গোপন বিষয় ফাদিল কৰাৰ সম্ভাৱনা থকাৰ বাবেই চৰকাৰে ভয় খাইছে।

বিৰোধী দলপতিগৰাকীয়ে অভিযোগ কৰা মতে, পশ্চিম এছিয়াৰ সংঘাতৰ ফলত দেশত ইন্ধনৰ মূল্য বৃদ্ধি আৰু অৰ্থনৈতিক বিপৰ্যয়ৰ দৰে জনসাধাৰণৰ সমস্যাবোৰ জড়িত হৈ আছে। তেওঁ কয়, “এইবোৰ ৰাইজৰ গুৰুত্বপূৰ্ণ সমস্যা আৰু সেইবাবেই আমি সংসদত আলোচনা বিচাৰিছোঁ। কিন্তু চৰকাৰে ইয়াত মান্তি হোৱা নাই। কাৰণ প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ সৈতে যি চুক্তিত স্বাক্ষৰ কৰিছে, তাৰ ফলত দেশৰ অৰ্থনীতিয়ে এক মোক্ষম আঘাত খাবলৈ গৈ আছে।”

প্ৰধানমন্ত্ৰী সংসদৰ পৰা পলায়ন কৰা বুলিও কটাক্ষ কৰি ৰাহুল গান্ধীয়ে দাবী কৰে যে মোদী চৰকাৰ “ব্ল্যাকমেইল”ৰ চিকাৰ হৈছে। তেওঁৰ মতে, পশ্চিম এছিয়াৰ বিষয়টো আলোচনা কৰিলে চৰকাৰৰ বহু দুৰ্বলতা ওলাই পৰিব। আনহাতে, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱৰ পূৰ্বে পশ্চিম এছিয়াৰ পৰিস্থিতিক অগ্ৰাধিকাৰ দি আলোচনা কৰিবলৈ বিৰোধী পক্ষই দাবী জনাইছে।

ইফালে, বিৰোধীৰ নিৰন্তৰ প্ৰতিবাদ আৰু হুলস্থূলৰ বাবে সোমবাৰে লোকসভাৰ কাম-কাজ বাৰে বাৰে স্থগিত ৰাখিবলগীয়া হয়। বিৰোধীয়ে সংসদৰ মজিয়াত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰি কাম-কাজত বাধা দিয়া বুলি চৰকাৰী পক্ষই ওলোটাই অভিযোগ উত্থাপন কৰে। দিনৰ ৩ বজাত সদন পুনৰ আৰম্ভ হোৱাৰ পাছতো পৰিস্থিতি শান্ত নোহোৱাত অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ৰাখে।

Leave a Reply

Your email address will not be published. Required fields are marked *