শুকুৰবাৰে চীন মাষ্টাৰছ ছুপাৰ ৭৫০ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা একক কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে কোৰিয়ান তাৰকাৰ ছে ইয়ঙৰ হাতত পোনপটীয়া খেলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে পেৰিছ অলিম্পিকত সোণৰ পদক লাভ কৰা ২৩ বছৰীয়া কোৰিয়ান খেলুৱৈগৰাকীৰ হাতত ৩৮ মিনিটত ১৪-২১, ১৩-২১ ত পৰাস্ত হয়। তেওঁৰ বিৰুদ্ধে এয়া আছিল সিন্ধুৰ একেৰাহে অষ্টমটো পৰাজয়। কোৰিয়ানগৰাকীৰ বিৰুদ্ধে এতিয়াও এখনো মেচত জয়ী হোৱা নাই সিন্ধুৱে। সিন্ধুৰ আৰম্ভণি দুৰ্বল আছিল আৰু প্ৰথমখন খেলত ১-৬ ত পিছ পৰি আছিল যদিও পিছত ৫-৯ ত উভতি আহে। অৱশ্যে বিৰতিৰ সময়ত এনে ১১-৫ ত অগ্ৰগতি লাভ কৰে। সিন্ধুৱে স্ক’ৰ ১১-১৪ৰ ওচৰলৈ আনিবলৈ সক্ষম হয় যদিও কোৰিয়ান তাৰকা গৰাকীয়ে নিজৰ দখল বজাই ৰাখি প্ৰথমখন খেলত সহজেই জয়লাভ কৰে। দ্বিতীয়খন খেলত সিন্ধুৱে অলপ সময়ৰ বাবে ৩-২ ত অগ্ৰগতি লাভ কৰে যদিও অতি সোনকালেই কোৰিয়ান তাৰকাগৰাকীয়ে খেলখন নিজৰ দখললৈ নিয়ে। Share this:FacebookX Related Post navigation ২১ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানে পুনৰ মুখামুখি বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত মল্লযুঁজাৰু অন্তিম পাংগালৰ ব্ৰঞ্জৰ পদক