বহুলোকেই ৰঙালাও খায় যদিও ইয়াৰ গুটিবোৰ পেলাই দিয়ে । কিন্তু এবাৰ যদি আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে তেন্তে নিশ্চয় ইয়াক নিতৌ খাবলৈ বাধ্য হ’ব।হয় আজি ক’ব বিচাৰিছোঁ ৰঙালাও গুটিৰ বিষয়ে।প্ৰায়ে মানুহে পুৱা খালী পেটতে কাঠবাদাম, কিচমিচ বা আখৰোট আদি খায় ৷ ইচ্ছা কৰিলে ৰঙালাওৰ বীজ খালী পেটতো খাব পাৰে ৷ ভিটামিন, স্বাস্থ্যকৰ চৰ্বি আৰু খনিজ পদাৰ্থ ৰঙালাওৰ বীজত প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ প্ৰতিদিনে পুৱা খালী পেটত ৰঙালাওৰ বীজ সেৱন কৰিলে সদায় সুস্থ হৈ থাকিব পাৰিব ৷চিকিৎসকে কয় যে, পুৱা খালী পেটত ৰঙালাওৰ বীজ খালে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হ’ব পাৰে ৷ দৰাচলতে ৰঙালাওৰ বীজত অধিক পৰিমাণে ওমেগা-৩ ফেটি এচিড, এন্টিঅক্সিডেন্ট, মেগনেছিয়াম আৰু জিংক থাকে ৷ ইয়াৰ উপৰিও ৰঙালাওৰ বীজয়ে উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে ৷ৰঙালাওৰ বীজত ফ্লেভন’ইড আৰু ফেনলিক এচিড নামৰ এন্টিঅক্সিডেন্ট থাকে ৷ এন্টিঅক্সিডেন্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷এন্টিঅক্সিডেন্ট শৰীৰ আৰু ছাল উভয়ৰে বাবে অপৰিহাৰ্য ৷

Leave a Reply

Your email address will not be published. Required fields are marked *