বিগত পাঁচটা বছৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ যুটীয়া উপাৰ্জন প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে জালুকবাৰী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে দাখিল কৰা নিৰ্বাচনী শপতনামা অনুসৰি, ২০২১ চনত ১৭.২৭ কোটি টকা থকা এই উপাৰ্জন ২০২৬ চনত ৩৫.১৬ কোটি টকালৈ বৃদ্ধি পাইছে। বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীৰ নিজা কোনো স্থাৱৰ সম্পত্তি নথকাৰ বিপৰীতে তেওঁৰ পত্নীৰ নামত থকা সম্পত্তিৰ পৰিমাণে এতিয়া চৰ্চা লাভ কৰিছে। শপতনামাৰ তথ্য অনুসৰি, ২০২৬ চনত মুখ্যমন্ত্ৰী শৰ্মাৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ২.৩৬ কোটি টকা, যি ২০২১ চনত ১.৭২ কোটি টকা আছিল। আনহাতে, ‘প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট’ৰ পৰিচালন সঞ্চালক ৰিনিকি ভূঞা শৰ্মাৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০২১ চনৰ ১৬.১৯ কোটি টকাৰ পৰা বৃদ্ধি পাই ২০২৬ চনত ৩২.৭৯ কোটি টকা হৈছে। মুখ্যমন্ত্ৰীৰ নামত কোনো বাহন বা বীমা পলিচি নাই যদিও তেওঁৰ পত্নীৰ নামত ৫.১০ কোটি টকাৰ বিনিয়োগ আৰু ১.৭৭ কোটি টকাৰ জীৱন বীমা পলিচি আছে। সম্পত্তিৰ বিতং বিৱৰণত উল্লেখ কৰা হৈছে যে মুখ্যমন্ত্ৰীৰ হাতত বৰ্তমান ২.২৮ লাখ টকা নগদ ধন আৰু ১৮০ গ্ৰাম সোণ আছে। ইফালে, ৰিনিকি ভূঞা শৰ্মাৰ নামত ৩.১৬ লাখ টকা নগদ ধনৰ লগতে ১,৪৫৯.২২১ গ্ৰাম সোণ আছে, যাৰ বৰ্তমান বজাৰ মূল্য ২.০৩ কোটি টকা। স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিজা কোনো মাটি-কালি নাই যদিও তেওঁৰ পত্নীৰ নামত ১৯.২৫ কোটি টকা মূল্যৰ তিনিটা অকৃষি ভূমি আৰু সম্পত্তি আছে। শপতনামাত হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ উপাৰ্জনৰ উৎস চৰকাৰী দৰমহা বুলি উল্লেখ কৰিছে। ইয়াৰ বিপৰীতে তেওঁৰ মুঠ ঋণৰ পৰিমাণ ৯৫.০৫ লাখ টকা আৰু তেওঁৰ পত্নীৰ ঋণৰ পৰিমাণ ১৫.৯১ কোটি টকা। শিক্ষাগত অৰ্হতাৰ দিশৰ পৰা ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ লগতে এগৰাকী আইনৰ স্নাতক। তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক গোচৰ ওলোমি থকা নাই বুলিও শপতনামাত স্পষ্ট কৰি দিয়া হৈছে। Share this:FacebookX Related Post navigation নিৰ্বাচনী প্ৰাৰ্থিত্বক লৈ বিজেপিৰ তৎপৰতা; দৰং আৰু ধেমাজিত দুগৰাকী নতুন প্ৰাৰ্থীৰ নাম ঘোষণা চাউলৰ ৰপ্তানি বজাৰত পশ্চিম এছিয়াৰ সংকটৰ প্ৰভাৱ! মধ্যপ্ৰদেশৰ বাচমতী ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ