কেন্দ্ৰীয় চৰকাৰ আৰু বিৰোধীৰ সংঘাতৰ মাজতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে এতিয়া অনাৰ প্ৰস্তুতি চলিছে এক অনাস্থা প্ৰস্তাৱ। ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত অধ্যক্ষৰ ভূমিকা আৰু বিশেষকৈ ৰাহুল গান্ধীৰ ভাষণত বাধা প্ৰদান কৰাক লৈ কংগ্ৰেছসহ বিৰোধী দলসমূহ তীব্ৰ ক্ষুব্ধ হৈ পৰিছে। সূত্ৰৰ খবৰ অনুসৰি, ইণ্ডিয়া মিত্ৰজোঁটে অতি সোনকালেই অধ্যক্ষৰ বিৰুদ্ধে লোকসভাত এক আনুষ্ঠানিক অবিশ্বস প্ৰস্তাৱ উত্থাপন কৰাৰ সম্ভাৱনা আছে। বিৰোধীৰ অভিযোগ অনুসৰি, সংসদৰ মৰ্যাদা ৰক্ষাৰ নামত অধ্যক্ষই একপক্ষীয়ভাৱে কাম কৰিছে আৰু বিৰোধীৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা চলাইছে। শেহতীয়াকৈ সদনত হোৱা উত্তাল পৰিস্থিতিৰ বাবে কংগ্ৰেছৰ ৮ গৰাকী সাংসদক সমগ্ৰ অধিবেশনটোৰ বাবে নিলম্বন কৰা কাৰ্যই এই ক্ষোভত ঘিঁউ ঢালিছে। ইয়াৰ উপৰি, বিৰোধী সাংসদসকলে প্রধানমন্ত্ৰীৰ আসনৰ কাষলৈ গৈ অপ্ৰত্যাশিত ঘটনা ঘটাব পাৰে বুলি অধ্যক্ষই কৰা মন্তব্যক বিৰোধীয়ে তেওঁলোকৰ প্ৰতি কৰা চৰম অপমান বুলি অভিহিত কৰিছে। উল্লেখ্য যে, লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ কমেও ১০০ গৰাকী সাংসদৰ স্বাক্ষৰৰ প্ৰয়োজন হয়। বৰ্তমান ইণ্ডিয়া মিত্ৰজোঁটৰ হাতত ২৩২ গৰাকী সাংসদ থকাৰ পৰিপ্ৰেক্ষিতত সংখ্যাগত দিশৰ পৰা বিৰোধীৰ বাবে এই প্ৰস্তাৱ উত্থাপন কৰাত কোনো বাধা নাই। এই পদক্ষেপে দেশৰ সংসদীয় ইতিহাসত এক নতুন মোৰ আনিব পাৰে বুলি ধাৰণা কৰা হৈছে। Share this:FacebookX Related Post navigation দক্ষিণ কোৰিয়াত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত; ২ গৰাকী জুনিয়ৰ ৱাৰেণ্ট অফিচাৰৰ মৃত্যু দিছপুৰ থানাত এজাহাৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ