২৪ মে’ৰ পৰা ৰাজ্যৰ বিভিন্ন ছবি গৃহত একেলগে মুক্তি লাভ কৰিব ‘প্ৰতিশ্ৰুতি’। ছবিখনৰ মূল বিষয়বস্তু হৈছে ড্ৰাগছৰ ভয়ংকৰ নেক্সাছ। সামাজিক ব্যাধি হিচাপে ভয়ংকৰভাৱে শিপাই যোৱা নিচাযুক্ত দ্ৰব্য সেৱনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধ অথবা নিৰ্মূল কৰিবলৈ আজি কেৱলমাত্ৰ আৰক্ষীৰ ওপৰতে নিৰ্ভৰ কৰিব নোৱাৰি। ইয়াকে উপজীব্য হিচাপে কেন্দ্ৰ কৰি ‘প্ৰতিশ্ৰুতি’ নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ৰাতুল বৰুৱা প্ৰযোজিত তথা মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ অভিনীত নতুন অসমীয়া ছবি ‘প্ৰতিশ্ৰুতি’| ছবিখনৰ পৰিচালনা কিশোৰ তহবিলদাৰৰ। তহবিলদাৰ অপেছাদাৰী নাট্য গোষ্ঠীৰ এজন সুদক্ষ নাট্যকৰ্মী হিচাপে পৰিচিত। ছবিৰ কাহিনী ৰাতুল বৰুৱাৰ। বিভিন্ন ছবিগৃহৰ লগতে বৰপেটাৰ ‘ইন্দ্ৰপুৰী’ ছবি গৃহতো অহা ২৪ মে’ৰ পৰা ‘প্ৰতিশ্ৰুতি’ চলিব বুলি জানিব পৰা গৈছে । Share this:FacebookX Related Post navigation শালকাঠনিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ কাঁনত প্ৰদৰ্শিত কুকি