৬৮ মিনিটত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ নিৰ্ণায়ক গ’লৰ সহায়ত পৰ্তুগালে জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি ইউএফএ নেচনছ লীগ ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰে। এই জয় ৰোনাল্ডোৰ বাবে বিশেষ আছিল কাৰণ জাৰ্মানীৰ বিৰুদ্ধে তেওঁৰ প্ৰথমটো জয় আছিল, তাৰ পূৰ্বে তেওঁলোকৰ বিৰুদ্ধে খেলা পাঁচখন মেচৰ আটাইকেইখনেই পৰাজয়ত শেষ হৈছিল। এই মেচখনৰ পূৰ্বে ৰোনাল্ডোৱে জাৰ্মানীৰ বিৰুদ্ধে জয়ৰ সোৱাদ পোৱা নাছিল। কিন্তু এতিয়া জয়ৰ সোৱাদ লাভ কৰাই নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১৩৭ সংখ্যক গ’লৰ কৃতিত্ব অৰ্জন কৰে। নুনো মেণ্ডেছৰ সুন্দৰ ক্ৰছত নিকট দূৰত্বৰ পৰা বলটো নেটত সোমাই ৰোনাল্ডোৱে নিজৰ দলটোক অগ্ৰগতি প্ৰদান কৰে। বৰষুণৰ বাবে ১০ মিনিট পলমকৈ আৰম্ভ হোৱা এই মেচখনত প্ৰথমাৰ্ধৰ পিছত জাৰ্মানীয়ে অগ্ৰগতি লাভ কৰে। ৪৮ মিনিটত ফ্ল’ৰিয়ান উইৰ্টজে মিডফিল্ডৰ পৰা চতুৰ খেলেৰে নিজেই এই পদক্ষেপ আৰম্ভ কৰে আৰু তাৰ পাছত জোছুয়া কিমিচৰ এছিষ্টৰ পৰা সুন্দৰ হেডাৰৰ জৰিয়তে গ’ল দিয়ে।জাৰ্মানীৰ অগ্ৰগতি বেছি সময় নাথাকিল। ৬০ মিনিটত পৰ্তুগালৰ প্ৰশিক্ষক ৰবাৰ্ট মাৰ্টিনেজে তিনিটা পৰিৱৰ্তন কৰিছিল আৰু ইয়াৰে এজন ফ্ৰান্সিস্কো কনচেইকাওৱে খেলপথাৰলৈ অহাৰ পাঁচ মিনিটৰ ভিতৰতে আচৰিত কাম কৰিছিল। আধা বাটৰ পৰা দৌৰি ৰবিন গ’চেন্সক অতিক্ৰম কৰি তাৰ পিছত টেৰ ষ্টেগেনক অতিক্ৰম কৰি গ’ল দিয়ে। মেচখনৰ টাৰ্নিং পইণ্ট আহিল ৬৮ মিনিটত নুনো মেণ্ডেছৰ পাছত নিকট দূৰত্বৰ পৰা ৰোনাল্ডোৱে গ’ল দি পৰ্তুগালে ২-১ গ’লত অগ্ৰগতি লাভ কৰে। ইয়াৰ আগতে তেওঁ দুটা সুযোগ হেৰুৱাইছিল যদিও এইবাৰ তেওঁ কোনো ভুল কৰা নাছিল। এতিয়া দেওবাৰে নেচনছ লীগ ২০২৫ৰ ফাইনেলত স্পেইন আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হ’বলগীয়া আনখন ছেমি ফাইনেলৰ বিজয়ী দলৰ মুখামুখি হ’ব পৰ্তুগালে। ইয়াৰ পূৰ্বে ২০১৯ চনত এই প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত পৰ্তুগালে জয়লাভ কৰিছিল। জুলিয়ান নেগেলছমেনৰ জাৰ্মানী দলৰ বাবে এই পৰাজয়ৰ ফলত যোৱা ১৮খন মেচত দ্বিতীয়খন পৰাজয়হে মাত্ৰ দ্বিতীয়টো পৰাজয়। মিউনিখত জন্মগ্ৰহণ কৰা কৰিম আদেয়েমিয়ে অন্তিম মিনিটত এটা সুযোগ সৃষ্টি কৰে যদিও তেওঁৰ শ্বট ক্ৰছবাৰত খুন্দা মাৰে। তৃতীয় স্থানৰ মেচখনৰ বাবে এতিয়া জাৰ্মানীয়ে ষ্টুটগাৰ্টত খেলিব। Share this:FacebookX Related Post navigation আই পি এলত গুজৰাট টাইটানছৰ অভিযান অন্ত ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টিৰে ছেমিফাইনেলত ন’ভাক জ’কভিচ