বাক্সাৰ জিলা কাৰাগাৰত মঙলবাৰে এগৰাকী কৰ্তব্যৰত আৰক্ষী কনিষ্টবলে নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহননৰ চেষ্টা চলোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জুবিন গাৰ্গৰ গোচৰৰ পাঁচজন অভিযুক্তক বন্দী কৰি ৰখা এই কাৰাগাৰৰ পৰিসৰত সংঘটিত হয় এই ঘটনা। গুৰুতৰভাৱে আহত হোৱা জোৱানজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এইমছলৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষী সূত্ৰই জনোৱা মতে, আহত কনিষ্টবলজনক বজালী জিলাৰ বাঘমাৰা নিবাসী গুণজিত বৈশ্য বুলি চিনাক্ত কৰা হৈছে। ২৪ নং আই আৰ বেটেলিয়নৰ সদস্য বৈশ্যই কাৰাগাৰৰ ভিতৰত কৰ্তব্যৰত অৱস্থাতে নিজৰ বুকুলৈ লক্ষ্য কৰি গুলীচালনা কৰে। গুলীটোৱে তেওঁৰ বুকু ভেদ কৰি যোৱাৰ ফলত ঘটনাস্থলীতে তেওঁ ঢলি পৰে। কাৰাগাৰ কৰ্তৃপক্ষই তৎক্ষণাত তেওঁক উদ্ধাৰ কৰি প্ৰথমে স্থানীয় চিকিৎসালয় আৰু পিছত গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

ইফালে, সংবাদ মাধ্যমৰ আগত গুণজিত বৈশ্যৰ পৰিয়ালে এই ঘটনাক লৈ গভীৰ বিস্ময় প্ৰকাশ কৰিছে। পৰিয়ালৰ লোকৰ মতে, তেওঁৰ কোনো ব্যক্তিগত সংঘাত বা মানসিক সমস্যাৰ কথা তেওঁলোকে নাজানে।

আৰক্ষী প্ৰশাসনে এই চৰম পদক্ষেপৰ আঁৰত থকা কাৰণ উদ্ঘাটন কৰিবলৈ ইতিমধ্যে এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰিছে। পেছাগত চাপ নে অন্য কোনো ব্যক্তিগত কাৰণত জোৱানজনে এনে কাণ্ড সংঘটিত কৰিলে, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *