সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী আৰু অসম ৰাইফলছে। কাছাৰ জিলাত নিশা এক অভিযান চলাই অভিযানকাৰীয়ে ৭ কোটি টকাৰ নিষিদ্ধ হেৰ’ইনৰ লগতে দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। নিশা ভাছকাণ্ডি অঞ্চলত তালাচী চলাই নিৰাপত্তাৰক্ষীৰ দলে বৃহৎ পৰিমাণৰ এই নিচাসক্ত সামগ্ৰীখিনি উদ্ধাৰ কৰে। মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলা এই অভিযানত আৰক্ষীয়ে এখন বাহন আৰু দুটা ম’বাইল ফোনো জব্দ কৰিছে। আটকাধীন অভিযুক্ত দুজনক অধিক তথ্যৰ বাবে বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে। প্ৰাথমিক তদন্তত এই ড্ৰাগছৰ সৈতে এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে তদন্তকাৰী বিষয়াসকলে। এই বৃহৎ সাফল্যই অঞ্চলটোত সক্ৰিয় হৈ থকা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এক চৰম সকীয়নী প্ৰদান কৰিছে। আৰক্ষীৰ মতে, এই বৃহৎ চালানটো ক’ৰ পৰা আহিছিল আৰু ইয়াৰ আঁৰত কোন কোন প্ৰভাৱশালী লোক আছে, সেই সন্দৰ্ভত অধিক তথ্য বিচাৰি অভিযান অব্যাহত ৰখা হৈছে। ড্ৰাগছ মুক্ত অসমৰ লক্ষ্যৰে কাছাৰ আৰক্ষীয়ে চলোৱা এই ধাৰাবাহিক অভিযানে এতিয়া সৰবৰাহকাৰীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation জল জীৱন মিছনৰ বিসংগতি লৈ দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম; আঁচনি ৰূপায়ণৰ নামত ব্যাপক বিত্তীয় অনিয়মৰ অভিযোগ নিৰ্বাচনৰ পাছতে পুনৰ উন্মোচিত হ’ব গৌৰৱ গগৈৰ পাক সম্পৰ্কৰ তথ্যঃ মুখ্যমন্ত্ৰী