দুদিনীয়া ভ্ৰমণ সামৰি আজি অসমৰ পৰা বিদায় লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে প্ৰধানমন্ত্ৰীৰ বিদায়ৰ কিছু সময়ৰ পাছতে অসমত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত প্ৰাৰ্থিত্ব কেন্দ্ৰিক চূড়ান্ত আলোচনা সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ কোন কোন সমষ্টিত নতুন মুখক সুযোগ দিয়া হ’ব আৰু মিত্ৰদলৰ সৈতে আসনৰ চূড়ান্ত নিষ্পত্তি কি হ’ব, সেই সন্দৰ্ভত গুৱাহাটীতে অন্তিম সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। লক্ষ্যণীয়ভাৱে, সমাগত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া তুংগত উঠিছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক তৎপৰতা। শনিবাৰে শিলচৰত উপস্থিত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে গেৰুৱা দলটোৰ প্ৰাৰ্থী তালিকা প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু অহা ১৮ মাৰ্চত ইয়াক আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব। এইবাৰৰ তালিকাত নতুন মুখক বিশেষ প্ৰাধান্য দিয়া হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। নিৰ্বাচনী মিত্ৰতা আৰু আসন ভাগ-বাটোৱাৰা সন্দৰ্ভতমুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, “বৰাক উপত্যকাৰ ১৩ খন আসনৰ ভিতৰত ৩ খন আসন অগপক এৰি দিয়া হ’ব। এই তিনিখন আসন হৈছে সোণাই, দক্ষিণ কৰিমগঞ্জ আৰু আলগাপুৰ। বাকী ১০ খন আসনত বিজেপিয়ে নিজাকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিব।” মিত্ৰজোঁটৰ সম্ভাৱ্য জয়লাভৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সনাতনী ৰাইজে যিমান ভোটদান কৰিব, সিমানখিনি আসনেই মিত্ৰজোঁটে লাভ কৰিব। উল্লেখ্য যে, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ইতিপূৰ্বে ১৭ মাৰ্চত তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল যদিও আজি মুখ্যমন্ত্ৰীয়ে ১৮ মাৰ্চৰ দিনটোহে নিশ্চিত কৰে। সভাপতিগৰাকীয়ে জনোৱা মতে, মিত্ৰদল অগপক কমেও ২৫ খন আৰু বিপিএফক ১২ খন আসন এৰি দিয়াৰ সম্ভাৱনা আছে। ইফালে বড়োভূমিত ইউপিপিএলৰ সৈতেও আসনৰ বুজাবুজি হোৱাৰ থল থকা বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে, নিৰ্বাচন আয়োগে এতিয়াও ভোটগ্ৰহণৰ দিন ঘোষণা কৰা নাই যদিও ব’হাগ বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিভিন্ন মহলত চৰ্চা চলিছে যে এইবাৰ অসমত মাত্ৰ এটা পৰ্যায়তে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ’ব পাৰে। গেৰুৱা শিবিৰৰ এই তৎপৰতাই এতিয়া ৰাজ্যৰ ৰাজনৈতিক বতাহ অধিক গৰম কৰি তুলিছে। Share this:FacebookX Related Post navigation অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ডঃ দীপজ্যোতি ৰাজখোৱাৰ যোগদান; ৰাজ্যপালৰ নিযুক্তিৰ পাছতেই কাৰ্যভাৰ গ্ৰহণ