দেশৰ আন্তঃগাঁথনি আৰু নিৰ্মাণ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান পেটেল ইঞ্জিনিয়াৰিং লিমিটেডে (এনএছই – পেটেলংগ এণ্ড বিএছই – ৫৩১১২০) ৭৫ বছৰত ভৰি থোৱাৰ সময়তে আন্তগাঁথনি ক্ষেত্ৰত যুগান্তকাৰী সাফল্য অৰ্জন কৰিছে। অৰুণাচল প্ৰদেশত পেটেল ইঞ্জিনিয়াৰিং লিমিটেডে নিৰ্মাণ কৰা ছেলা সুৰংগ প্ৰকল্পটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। 

৬৫০ কোটি টকা ব্যয়সাপেক্ষ এই চেলা টানেলে সীমান্তৰ সুৰক্ষা শক্তিশালী কৰি তোলাৰ লগতে অৰুণাচলৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি ভাৰতৰ অটল প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে। বৰ্ডাৰ ৰোড অৰ্গেনাইজেচন(বিআৰঅ’)ৰ ভৰ্টক প্ৰকল্পৰ অধীনত এই সুৰংগটো পেটেল ইঞ্জিনিয়াৰিঙে নিৰ্মাণ কৰিছে। প্ৰতিকুল জলবায়ু আৰু ভৌগোলিক প্ৰত্যাহ্বানবোৰ নেওচি উন্নত অভিযান্ত্ৰিক কৌশলেৰে পেটেলে নিজৰ চমক দেখুৱাবলৈ সক্ষম হৈছে এই প্ৰকল্পটোত। 

পূৰ্বৰ সমৃদ্ধ অভিজ্ঞতা আৰু জটিল আৰু বৃহৎ পৰিমাণৰ প্ৰকল্প পৰিচালনাৰ অসামান্য ট্ৰেক অভিজ্ঞতাৰ বাবেই এই প্ৰকল্পটো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল পেটেল ইঞ্জিনিয়াৰিঙে। এই মেগা প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ ৫০ জনৰো অধিক অভিজ্ঞ আৰু দক্ষ অভিযন্তাৰ নেতৃত্বত ৮০০ৰো অধিক কৰ্মীয়ে সমৰ্পিত প্ৰচেষ্টাৰে এটা টীম ৰূপে কাম কৰিছিল।  ১৩,৫০০ ফুট উচ্চতাত থকা চেলা টানেলত বিশ্বৰ আটাইতকৈ দীঘল দ্বি-লেন পথ সুৰংগ নিৰ্মাণ তাৰেই এক স্বাক্ষুস প্ৰমাণ। পেটেল ইঞ্জিনিয়াৰিং লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰূপেন পেটেলে উন্নয়ন আৰু আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ বাবে পেটেলক এই সুযোগ তথা আস্থাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *