টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ পৰ্যায়ৰ পৰা লজ্জাজনক বিদায় লোৱাৰ পাছতে পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈসকলৰ বিৰুদ্ধে অভূতপূৰ্ব কঠোৰ স্থিতি গ্ৰহণ কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। আইচিচিৰ এই গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত দুৰ্বল প্ৰদৰ্শনৰ বাবে এতিয়া প্ৰতিজন খেলুৱৈয়ে নিজৰ পকেটৰ পৰাই মূল্য ভৰিবলগীয়া হৈছে। ব’ৰ্ডৰ এই আকস্মিক পদক্ষেপে পাকিস্তানৰ ক্ৰীড়া মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। বিশ্বস্ত সূত্ৰই জনোৱা মতে, বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে শোচনীয় পৰাজয় আৰু পৰৱৰ্তী সময়ত ছুপাৰ-৮ৰ পৰা বাহিৰ হোৱাৰ পাছতে ব’ৰ্ডে প্ৰতিজন খেলুৱৈক ৫০ লাখ পাকিস্তানী টকাৰ জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে। এই বৃহৎ অংকৰ ধন খেলুৱৈসকলৰ মাহিলী দৰমহা অথবা মেচ ফীৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ’ব। ভাৰতীয় মুদ্ৰাৰ হিচাপত এই জৰিমনাৰ পৰিমাণ প্ৰায় ১৬ লাখ টকা। একেৰাহে চতুৰ্থবাৰৰ বাবে আইচিচিৰ কোনো টুৰ্ণামেণ্টৰ ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ হোৱা পাকিস্তান দলটোৰ ওপৰত ব’ৰ্ডৰ লগতে অনুৰাগীসকলৰো ক্ষোভ এতিয়া চৰম পৰ্যায়ত উপনীত হৈছে। ব’ৰ্ডৰ এজন বিষয়াই ইংগিত দিছে যে দুৰ্বল প্ৰদৰ্শনৰ বাবে এতিয়া কেৱল সমালোচনাতেই সীমাবদ্ধ নাথাকি আৰ্থিক লোকচানো ভৰিব লাগিব খেলুৱৈসকলে। ইতিপূৰ্বেও পাকিস্তান ক্ৰিকেটত ব্যৰ্থতাক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল যদিও পোনপটীয়াকৈ এনে বৃহৎ পৰিমাণৰ আৰ্থিক জৰিমনা বিহাৰ ঘটনা বিৰল। ব’ৰ্ডৰ এই নিৰ্দয় পদক্ষেপে খেলুৱৈসকলৰ মনোবলত কেনে প্ৰভাৱ পেলায় আৰু আগন্তুক মেচসমূহত তেওঁলোকে কেনে প্ৰদৰ্শন আগবঢ়ায়, সেইয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে। Share this:FacebookX Related Post navigation কেৱল চাহেই নহয়, ঔদ্যোগিক বিপ্লৱৰ দিশে দ্ৰুতগতিৰে আগবাঢ়িছে অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ; বজালীত তীব্ৰ চাঞ্চল্য