মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে পক্ষপাতিত্ব আৰু দুৰ্ব্যৱহাৰৰ গুৰুতৰ অভিযোগ তুলি আজি সংসদৰ উভয় সদনত তেওঁৰ অপসাৰণৰ দাবী জনাইছে বিৰোধীয়ে। ভাৰতীয় সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে এজন মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অপসাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লক্ষ্যৰে লোকসভাৰ ১৩০ গৰাকী আৰু ৰাজ্যসভাৰ ৬৩ গৰাকী সদস্যই এই জাননীত স্বাক্ষৰ কৰিছে। এক নিৰ্দিষ্ট ৰাজনৈতিক দলৰ স্বাৰ্থত কাম কৰা আৰু ভোটাৰ তালিকা সংশোধনত খেলিমেলি কৰাৰ দৰে মুঠ সাতটা অভিযোগ বিৰোধীয়ে উত্থাপন কৰিছে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে।

তৃণমূল কংগ্ৰেছৰ নেতৃত্বত আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ সমৰ্থনত অনা এই প্ৰস্তাৱত অভিযোগ কৰা হৈছে যে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰু বৰ্তমানৰ নিৰ্বাচনমুখী ৰাজ্যসমূহৰ ভোটাৰ তালিকা সংশোধনৰ নামত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে ব্যাপক অনিয়মৰ আশ্ৰয় লৈছে। আনকি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰকৃত ভোটাৰৰ নাম কৰ্তন কৰাৰ মুকলি অভিযোগ আনিছে। ২০২৪ চনৰ এপ্ৰিলত আয়োগত যোগদান কৰা জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ‘প্ৰমাণিত দুৰ্ব্যৱহাৰ’ৰ অভিযোগো উত্থাপন কৰে বিৰোধী সাংসদসকলে।

সংবিধানৰ ৩২৪(৫) অনুচ্ছেদ অনুসৰি, এজন মুখ্য নিৰ্বাচন আয়ুক্তক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰেই একে পদ্ধতিৰে অপসাৰণ কৰিব পাৰি। সেই অনুসৰি, এই প্ৰস্তাৱ সদনত গৃহীত হ’বলৈ হ’লে মুঠ সদস্যৰ সংখ্যাৰ গৰিষ্ঠতাৰ উপৰিও উপস্থিত থাকি ভোটদান কৰা দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন হ’ব। প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পাছত লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ অধ্যক্ষই যুটীয়াভাৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু এজন বিশিষ্ট আইনবিদক লৈ এখন তদন্ত কমিটি গঠন কৰিব লাগিব।

নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰাকক্ষণত মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে বিৰোধীৰ এই অভিশংসন প্ৰস্তাৱে দেশৰ ৰাজনীতিত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰিছে। জাননীখনত আম আদমি পাৰ্টিৰ সাংসদসকলেও স্বাক্ষৰ কৰিছে যদিও তেওঁলোক বৰ্তমান ইণ্ডিয়া মিত্ৰজোঁটৰ অংশ নহয়। সংসদত এই প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়ে আৰু ই আগন্তুক বিধানসভা নিৰ্বাচনত কেনে প্ৰভাৱ পেলায়, সেয়া এতিয়া লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *