১৪ ছেপ্টেম্বৰত এছিয়া কাপ ২০২৫ৰ গ্ৰুপ পৰ্যায়ৰ মেচত ভাৰত আৰু পাকিস্তানৰ মুখামুখি হ’ব। শনিবাৰে এছিয়ান ক্ৰিকেট কাউন্সিলে ঘোষণা কৰে প্ৰতিযোগিতাখনৰ সময়সূচী। ১০ আৰু ১৯ ছেপ্টেম্বৰত ভাৰতীয় দলটোৱে ইউ এ ই আৰু ওমানৰ বিৰুদ্ধেও খেলিব। ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ সম্ভাৱ্য স্থান হ’ল ডুবাই আৰু আবুধাবি। ভাৰত, পাকিস্তান, ইউ এ ই আৰু ওমানক গ্ৰুপ এ-ত স্থান দিয়াৰ বিপৰীতে গ্ৰুপ বি-ত বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান আৰু হংকং আছে। ১৪ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ পৰ্যায়ৰ মেচখনৰ পাছত দুয়োটা দলে ছুপাৰ-৪ত মুখামুখি হ’ব পাৰে আৰু ২৮ ছেপ্টেম্বৰত ফাইনেলতো মুখামুখি হ’ব পাৰে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰতৰ সকলো খেল খেলিব বুলি ধাৰণা কৰা হৈছে যদিও এচিচিয়ে প্ৰকাশ কৰা সূচীত ইয়াৰ কোনো উল্লেখ নাই। এচিচিৰ সভাপতি মহছিন নাকভিয়ে এক আনুষ্ঠানিক বিবৃতিত কয় যে ইউএইত এচিচি পুৰুষৰ টি-২০ এছিয়া কাপ ২০২৫ আয়োজন কৰিলে সমগ্ৰ এছিয়াৰ অনুৰাগীসকলে আমাৰ অঞ্চলৰ অবিশ্বাস্য বৈচিত্ৰ্যক প্ৰতিফলিত কৰা পৰিৱেশত একত্ৰিত হোৱাৰ সুযোগ লাভ কৰিব। যেতিয়া প্ৰতিযোগিতাখনৰ উত্তেজনাপূৰ্ণ মেচসমূহ চাবলৈ ভিৰ হ’ব, তেতিয়া ই ক্ৰিকেটৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষমতাৰ এক উত্তম উদাহৰণ হ’ব। নাকভিয়ে কয় যে প্ৰতিযোগিতাখনত অতিৰিক্ত দল সংযোজনৰ লগে লগে আমি খেলখনৰ সীমা ভৌগোলিক আৰু প্ৰতিযোগিতামূলক দুয়োটা দিশতে সম্প্ৰসাৰিত হোৱা দেখিবলৈ পাইছো।এয়া হ’ব এছিয়া কাপ সৰ্বোত্তম ৰূপত। টি-২০ ফৰ্মেটত অনুষ্ঠিত এছিয়া কাপত এইবাৰ প্ৰথমবাৰৰ বাবে ৮টা দল থাকিব। ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ-৪ পৰ্যায়লৈ আগবাঢ়িব, য’ত শীৰ্ষ দুটা দলে খিতাপৰ মেচত মুখামুখি হ’ব। এছিয়া কাপৰ আয়োজক ভাৰত, কিন্তু পাকিস্তানৰ সৈতে উত্তেজনাৰ বাবে ইউ এ ইত এই প্ৰতিযোগিতাখন আয়োজন কৰিব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। মে’ মাহত ভাৰত-পাকিস্তানৰ সীমা অতিক্ৰম কৰি হোৱা উত্তেজনাৰ বাবে প্ৰতিযোগিতাখন অনিশ্চয়তাৰ মাজত আছিল যদিও ২৪ জুলাইত ঢাকাত অনুষ্ঠিত হোৱা এচিচিৰ বৈঠকে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ পথ মুকলি কৰি দিয়ে। ২০২৩ চনত কলম্বোত অনুষ্ঠিত ফাইনেলত ৫০ অভাৰৰ ফৰ্মেটত শ্ৰীলংকাক পৰাস্ত কৰি এছিয়া কাপৰ ডিফেণ্ডিং চেম্পিয়ন ভাৰত। Share this:FacebookX Related Post navigation কাইলৈ পৰা মানচেষ্টাৰত ভাৰত-ইংলেণ্ডৰ চতুৰ্থ টেষ্ট একেৰাহে দ্বিতীয়বাৰলৈ মহিলা ইউৰো কাপৰ চেম্পিয়ন ইংলেণ্ড