পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অমন ছেহৰাৱাটক অতিৰিক্ত ওজনৰ বাবে ছিনিয়ৰ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপৰ পৰা অযোগ্য ঘোষণা কৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। ১৩ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈ ক্ৰ’ৱেচিয়াত অনুষ্ঠিত হ’বলগীয়া ছিনিয়ৰ ৱৰ্ল্ড ৰেছলিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ কথা আছিল ২২ বছৰীয়া অমন ছেহৰাৱাটে। ডব্লিউ এফ আইয়ে ২৩ ছেপ্টেম্বৰত আমানক কাৰণ দেখুৱাই জাননী জাৰি কৰি ২৯ ছেপ্টেম্বৰৰ ভিতৰত সঁহাৰি বিচাৰিছিল। আমানে নিজৰ সঁহাৰি দাখিল কৰে যদিও ফেডাৰেচনৰ অনুশাসন সমিতিয়ে ইয়াক সন্তোষজনক বুলি গণ্য কৰে। ইয়াৰ পিছতে ফেডাৰেচনে এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লয়।

তদুপৰি অমনৰ মুখ্য প্ৰশিক্ষক জগমন্দৰ সিং আৰু তেওঁৰ প্ৰশিক্ষক কৰ্মচাৰীৰ আন তিনিজন সদস্য- বিনোদ, বীৰেন্দ্ৰ আৰু নৰেন্দ্ৰকো ওজন ব্যৱস্থাপনা নিৰীক্ষণ নকৰাৰ স্পষ্টিকৰণ বিচাৰিছে। ফেডাৰেচনৰ অভিযোগ যে প্ৰশিক্ষক কৰ্মচাৰীয়েও খেলুৱৈগৰাকীৰ ওজন নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত গাফিলতিৰে কাম কৰিছিল। ডব্লিউ এফ আইয়ে কয় যে আমানৰ দৰে অলিম্পিক পদক বিজয়ীৰ পৰা উচ্চ পৰ্যায়ৰ পেছাদাৰিত্ব আৰু অনুশাসন আশা কৰা হৈছে। ওজন জোখাৰ পৰিমাণ পূৰণ কৰিব নোৱাৰাটোৱে অনুশাসন আৰু খেলবিধৰ বাবে প্ৰস্তুতিৰ অভাৱ প্ৰদৰ্শন কৰে। এই বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ হৈ পদক অৰ্জন কৰিছিল কেৱল অনন্তী পাংঘলে।

মহিলাৰ ৫৩ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।অতিৰিক্ত ওজনৰ নিয়ম ২০২৩ চনত জাৰি কৰা ৱৰ্ল্ড ইউনাইটেড ৰেছলিং নিয়ম অনুসৰি বিশ্বকাপ, ৰেংকিং ছিৰিজ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ২ কিলোগ্ৰামলৈকে অতিৰিক্ত ওজনৰ অনুমতি আছে যদিও অলিম্পিক গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ বাবে তেনে কোনো ব্যৱস্থা নাই। যদি ওজন আনকি ১ গ্ৰাম বেছি হয়, তেন্তে ব্যক্তিজনক অযোগ্য ঘোষণা কৰা হয়। পেৰিছ অলিম্পিকৰ ছেমি ফাইনেলৰ পাছত ১০ ঘণ্টাত ৪.৬ কেজি ওজন কমাবলৈ সক্ষম হৈছিল অমান ছেহৰাৱাটে। মেচখনৰ পাছত অমনৰ ওজন ৬১.৫ কেজি হৈ পৰিছিল, যিটো তেওঁৰ ওজন ৫৭ কেজিতকৈ ৪.৫ কেজি বেছি আছিল, যিটো ভাৰতীয় দলে ৰাতিপুৱাৰ পূৰ্বে হ্ৰাস কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *