নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেচন(এনএছডিচি)ৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান এনএছডিচি ইণ্টাৰনেচনেলে সমগ্ৰ চাহাৰা আফ্ৰিকা উপমহাদেশীয় দেশসমূহত দক্ষতা পৰিৱেশ তন্ত্ৰৰ বিকাশ-সম্প্ৰসাৰণৰ বাবে ছাব-চাহাৰান আফ্ৰিকান স্কিলছ এণ্ড এপ্ৰেণ্টিছশ্বিপ ষ্টেকহোল্ডাৰ্ছ নেটৱৰ্ক(ছাছাছনেট)ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

দক্ষতাৰ ব্যৱধান দূৰ কৰা, কৰ্মশক্তিৰ গতিশীলতা বৃদ্ধি কৰা আৰু ছেক্টৰ স্কিল কাউঞ্চিল(মাণ্ডলিক দক্ষতা পৰিষদ) স্থাপন কৰি দক্ষতা বিকাশ কৌশল সন্দৰ্ভত এনএছডিচি ইণ্টাৰনেচনেলৰ সৰ্বোত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰি আঞ্চলিক অৰ্থনৈতিক বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰাই হৈছে এই অংশীদাৰিত্বৰ লক্ষ্য। ইয়াৰ লগতে প্ৰযুক্তিৰ উন্নীতকৰণৰ জৰিয়তে যুৱক-যুৱতীসকলক নিয়োগৰ বাবে প্ৰস্তুতি আৰু নিয়োগযোগ্যতা দক্ষতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে এনএছডিচিৰ চিইঅ’ আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদমণি তিৱাৰী আৰু ছাছাছনেটৰৰ সচিব প্ৰধান ড০ উছমান ছিল্লাহে। এই উপলক্ষে নিজৰ অভিমত প্ৰকাশ কৰি এনএছডিচিৰ চিইঅ’ আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এ ডি বেদমণি তিৱাৰীয়ে কয় যে, “মই নিশ্চিত যে ছাছাছনেটৰ সৈতে আমাৰ অংশীদাৰিত্বই সকলো দেশতে ইতিবাচক পৰিৱৰ্তন সাধন কৰিব আৰু সকলোৰে বাবে এক বহনক্ষম আৰু সৰ্বাংগীন ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব। ”

এনএছডিচি ইণ্টাৰনেচনেলে নিজৰ সদস্য দেশসমূহত ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে টিভিইটি প্ৰণালী বৃদ্ধি কৰাৰ বাবে স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছআইডিএইচ) আৰু অন্যান্য ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ বৃদ্ধিৰ জৰিয়তে অৰ্জন কৰা সৰ্বশ্ৰেষ্ঠ পদ্ধতি আৰু অভিজ্ঞতাসমূহ চাচাছনেটৰ সৈতে ভাগ-বতৰা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *