নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে(এনএছডিচি) ভদ্ৰকত এটা স্কিল ইণ্ডিয়া চেণ্টাৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক গ্লবেল দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই পদক্ষেপে যুৱক-যুৱতীক বজাৰ-চালিত দক্ষতাৰে যুৱ চামক সাজু কৰি তোলাৰ লগতে স্থানীয় পৰ্যায়ত অৰ্থনৈতিক বিকাশক উৎসাহিত কৰাৰ প্ৰয়াস কৰিছে। ভদ্ৰকৰ অসুৰালিত অৱস্থিত এই কেন্দ্ৰটোৱে বিভিন্ন নিয়োগ খণ্ডত হাতে কামে বা ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰি তাত্ত্বিক(থিয়ৰিটিকেল) জ্ঞানক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। ব্যৱহাৰিক দক্ষতা বিকাশ আৰু নেটৱৰ্কিঙৰ সুযোগ-সুবিধাৰ কথা সমুখত ৰাখি এই কেন্দ্ৰটোৱে অঞ্চলটোৰ দক্ষ পেছাদাৰীসকলৰ জৰুৰী প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰা সমাধান প্ৰদানৰ লক্ষ্য লৈছে। ওড়িশাৰ ধামনগৰৰ বিধায়ক সুৰয সূৰ্যবংশীয়ে উদ্যোগৰ চাহিদা আৰু উপলব্ধ কৰ্মশক্তিৰ মাজৰ ব্যৱধান দূৰ কৰাত এই পদক্ষেপে প্ৰভাৱ পেলাব পৰা সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি এই পদক্ষেপক প্ৰশংসা কৰিছে। ভদ্ৰকৰ যুৱক-যুৱতীসকলক সবলীকৰণৰ লক্ষ্যৰে এই কেন্দ্ৰটোৱে নিয়োগ বজাৰৰ বিকশিত প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰস্তুত কৰিছে আৰু ইয়াৰ বাবে বিপণনৰ পৰা আৰম্ভ কৰি ভাষা শিক্ষণ বা প্ৰশিক্ষণলৈকে বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আগবঢ়ায়। এই কেন্দ্ৰটো মুকলিৰ পিছত দেওগড়, সম্বলপুৰ, ধেংকানাল আৰু অংগুল জিলাতো এনে ধৰণৰ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হ’ব, যিবোৰে স্থানীয় যুৱক-যুৱতীসকলৰ মাজত গুৰুত্বপূৰ্ণ আকৰ্ষণ বা সুযোগ বৃদ্ধি কৰিব পাৰে। তদুপৰি এই বছৰৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃত্বত মুকলি কৰা কৌশল ৰথ পদক্ষেপে ইতিমধ্যে ওড়িশাৰ কেইবাখনো জিলাত ৪,০০০ প্ৰাৰ্থীক দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। Share this:FacebookX Related Post navigation চেমচাঙে ১১ কেজি এআই ইকোবাবলটিএমৰ নতুন পৰিসৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে ২০২৪ৰ এপ্ৰিল মাহৰ পৰা টাটা মটৰ্ছে বৃদ্ধি কৰিব বাণিজ্যিক বাহনৰ মূল্য