নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ভাৰতৰ আগশাৰীৰ ফুল-ষ্টেক ব্যৱহৃত গাড়ী প্লেটফৰ্ম স্পিনিৰ সৈতে এক কৌশলগত অংশীদাৰিত্ব কৰিছে, যাৰ ফলত ই ভাৰতৰ নিছান ডিলাৰশ্বিপত স্পিনি ‘পছন্দৰ এক্সচেঞ্জ পাৰ্টনাৰ প্লেটফৰ্ম’ হিচাপে পৰিগণিত হৈছে। আগশাৰীৰ অটোমোবাইল অ’ইএম আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যৱহৃত বাহন এগ্ৰিগেটৰৰ মাজত এই উদ্যোগ-প্ৰথম সহযোগিতাৰ লক্ষ্য হৈছে গ্ৰাহকসকলক বৰ্ধিত বিনিময় সুবিধা প্ৰদান কৰাৰ লগতে ডিলাৰ অংশীদাৰৰ বাবে নতুন ব্যৱসায়িক সুযোগ সৃষ্টি কৰা। গ্ৰাহককেন্দ্ৰিক এই পদক্ষেপটো উদ্ভাৱনীমূলক আৰু মূল্যকেন্দ্ৰিক সেৱাৰ জৰিয়তে ডিলাৰশ্বিপৰ প্ৰদৰ্শন আৰু লাভজনকতা বৃদ্ধিৰ বাবে নিছান মটৰ ইণ্ডিয়াৰ বিস্তৃত ব্যৱসায়িক কৌশলৰ অংশ। এই অংশীদাৰিত্বৰ অধীনত স্পিনিৰ জৰিয়তে নিজৰ বাহন বিনিময় কৰা গ্ৰাহকসকলে নিছানৰ ডিলাৰশ্বিপত নতুবা সমগ্ৰ ভাৰতত স্পিনিৰ প্লেটফৰ্মৰ জৰিয়তে পোনপটীয়াকৈ নতুন নিচান বাহন ক্ৰয়ৰ সময়ত একচেটিয়া বিনিময় সুবিধাৰ অধিকাৰী হ’ব। এই অংশীদাৰিত্বৰ এটা প্ৰধান সুবিধা হৈছে সুশৃংখলিত বিনিময় দাবী প্ৰক্ৰিয়া — য’ত স্পিনি-ইছ্যু কৰা – ‘ক্ৰয় পত্ৰ’ক বিনিময়ৰ বৈধ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হ’ব, যাৰ ফলত নিছানৰ গ্ৰাহকৰ বাবে স্থানান্তৰিত আৰচি নথিৰ প্ৰয়োজনীয়তা নোহোৱা হ’ব। নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই এই বিষয়ে সদৰি কৰি কয় যা, “নিছান মটৰ ইণ্ডিয়াত আমি উদ্ভাৱনীমূলক আৰু গ্ৰাহক-কেন্দ্ৰিক সমাধানৰ জৰিয়তে আমাৰ গ্ৰাহক আৰু ডিলাৰ অংশীদাৰ উভয়ৰে বাবে অধিক মূল্য সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।” স্পিনিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিৰজ সিঙে নিজৰ মনোভাৱ ব্যক্ত কৰি কয় যে, “নিছান মটৰ ইণ্ডিয়াৰ সৈতে আমাৰ অংশীদাৰিত্ব হৈছে ভাৰতত গাড়ীৰ মালিকানা আৰু উন্নীতকৰণৰ অভিজ্ঞতা কেনেদৰে পুনৰ্নিৰ্ধাৰণ কৰা হয় তাৰ দিশত এক যুগান্তকাৰী পদক্ষেপ।” এই সহযোগিতাই অ’ইএম-ব্যৱহৃত গাড়ী প্লেটফৰ্ম সংহতিৰ বাবে এক নতুন মাপকাঠি নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে, যিয়ে গ্ৰাহক, ডিলাৰশ্বিপ আৰু দুয়োটা ব্ৰেণ্ডৰ বাবে এক লাভজনক অফাৰ আগবঢ়াব। অধিক তথ্যৰ বাবে দৰ্শন কৰক আমাৰ ৱেবচাইট www.nissan.in । Share this:FacebookX Related Post navigation ফিজিটেল ইভোল্যুশনঃ এক্সিছ মেক্স লাইফে ডিজিটেল যুগৰ বাবে লাইফ এডভাইজৰসকলক প্ৰদান কৰিছে সামৰ্থ্য জিএছটি কৰ্তনে কঢ়িয়াই আনিছে আনন্দ: ফেষ্টিভ ছিজনত গাড়ীৰ দাম হ্ৰাস কৰিছে ৰেনল্টে