প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি অন্যান্য জ্যেষ্ঠ নেতাৰ উপস্থিতিত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণে বুধবাৰে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ৰিটাৰ্ণিং অফিচাৰে মনোনয়ন পত্ৰ পৰীক্ষা কৰে আৰু তাৰ পিছত ৰাধাকৃষ্ণণে এখন পঞ্জীত স্বাক্ষৰ কৰে ৷ ইয়াৰ পিছতে ৰিটাৰ্ণিং অফিচাৰে প্ৰধানমন্ত্ৰীক মনোনয়ন পত্ৰৰ স্বীকৃতি পত্ৰ প্ৰদান কৰে ৷ মোদী, শ্বাহ, জ্যেষ্ঠ মন্ত্ৰী প্ৰহ্লাদ যোশী, ধৰ্মেন্দ্ৰ প্ৰধানকে ধৰি টিডিপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কে ৰামমোহন নাইডু, শিৱসেনাৰ নেতা শ্ৰীকান্ত শিন্দে, এল জে পি এছ পি নেতা চিৰাগ পাছোৱানকে ধৰি এন ডি এৰ অন্যান্য নেতাই ৰাধাকৃষ্ণণক সংসদৰ ৰিটাৰ্নিং অফিচাৰৰ কাৰ্যালয়লৈ লৈ যায় ৷বিজেপিয়ে ৯ ছেপ্টেম্বৰ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া আগন্তুক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চন্দ্ৰপুৰম পন্নুছামি ৰাধাকৃষ্ণণক ঘোষণা কৰিছিল ৷ তেওঁৰ নাম ঘোষণা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ৷ Share this:FacebookX Related Post navigation জিয়মি ইণ্ডিয়াই ১৪,৯৯৯ টকাত মুকলি কৰিলে ৰেডমি ১৫ ৫জি GMCHত নিলম্বিত নাৰ্ছ ভানুপ্ৰিয়া মিচঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে