ভীম কল অতি পুষ্টিকৰ আৰু ঔষধি গুণেৰে ভৰা ফল। ভীম কলৰ কলাখাৰ, কলপচলা , কলফুল , কল, কলৰ বাকলি , পাত , কাণ্ডৰ পৰা ওলোৱা পানী, শিপা আদি সকলো অংশই ঔষধি গুণেৰে ভৰপুৰ। অধিক পুষ্টি গুণেৰে ভৰা ভীম কলক শিশু খাদ্য হিচাবেও ব্যৱহাৰ কৰা হয়। ভীম কলত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট , আইৰণ , কেলছিয়াম , ফাইবাৰ , পটাছিয়াম , ভিটামিন আদি উপাদান থাকে। পকা ভীম কল চৰ্বত কৰি খালে পেট ঠাণ্ডা কৰাৰ লগতে দেহৰ পুষ্টি সাধন কৰে। পিত্ত ৰোগীৰ বাবে কেঁচা ভীম কলৰ ৰস অতি উপকাৰী। গ্ৰহণী ৰোগত পকা ভীম কল গুটিৰে সৈতে খালে উপকৃত হয়।ভীমকলৰ উপকাৰী গুণ——(১) পিত্ত ৰোগীৰ বাবে কেঁচা ভীম কলৰ ৰস অতি উপকাৰী
(২) পকা ভীমকল তিওৱা পানী চৰ্বত কৰি খালে পেট ঠাণ্ডা কৰাৰ লগতে শৰীৰৰ পুষ্টি সাধন কৰে ।
(৩) গৰমত প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে , হালধীয়া হ’লে পকা ভীমকল তিয়াই খচি সেই পানী খালে সুফল পোৱা যায় ।
(৪) গ্ৰহণী ৰোগত কেঁচা ভীম কল দুটা কাটি পানীত তিয়াই থৈ পাছত সেই পানী খালে উপকাৰ পোৱা যায় ।
(৫) টোপনি কম হ’লে পকা ভীমকল এটা গুটি আঁতৰাই এগিলাছ গাখীৰত মিহলাই খালে টোপনি আহে ।
(৬) ভীমকলৰ গুটিবোৰ ঢালনিৰে চালি গাখীৰ , গুৰ নাইবা আন খাদ্যত মিহলাই খোৱালে শিশুৱে অধিক পৰিপুষ্টি লাভ কৰে । শিশুৰ পয়া লগাৰ বাবেও উপকাৰী ।

Leave a Reply

Your email address will not be published. Required fields are marked *