ন-দুৱাৰ বিধানসভা সমষ্টিত পুনৰ প্ৰাক নিৰ্বাচনী হিংসা ৷ সমষ্টিটোৰ অন্তৰ্গত ন-পামত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুনীল চেত্ৰীৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ চলোৱা বুলি অভিযোগ কংগ্ৰেছৰ ৷
ঘটনাৰ বিৱৰণি অনুসৰি, কংগ্ৰেছ প্ৰাৰ্থী সুনীল চেত্ৰীয়ে সমৰ্থকসকলক লগত লৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত ব্যস্ত আছিল । সেই সময়তে দুৰ্বৃত্তই চেত্ৰীক আক্ৰমণ কৰাৰ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীয়ে ৷অভিযোগ অনুসৰি প্ৰক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়ে হাতত চোকা অস্ত্ৰ লৈ বিজেপিৰ এজন কাৰ্যকৰ্তাক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল । উল্লেখ্য যে, প্ৰাক নিৰ্বাচনী হিংসা দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *