দেশত চিলিণ্ডাৰৰ নাটনি লৈ সৃষ্টি হোৱা পৰিৱেশৰ বাবে সাধাৰণ ৰাইজ বাৰুকৈয়ে বিবুধিত পৰিছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চিলিণ্ডাৰ সংগ্ৰহৰ বাবে এজেঞ্চীৰ বাহিৰত লাইন ধৰি থাকোতেই এগৰাকী বৃদ্ধৰ মৃত্যু হৈছে। যোৱা শুকুৰবাৰৰ ঘটনা এয়া। উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত সংঘটিত হৈছিল ঘটনাটো। ফাৰুখাবাদৰ কোটোৱালি অঞ্চলত চিলিণ্ডাৰ সংগ্ৰহৰ বাবে পুৱাৰে পৰা লাইন ধৰি আছিল এগৰাকী ৭৫বছৰীয়া বৃদ্ধই। পুৱা প্ৰায় ৬.৩০বজাৰ পৰা লাইন ধৰি ধৰা বৃদ্ধ গৰাকীৰ দুপৰীয়া সময়ত হঠাতে অচেতন হৈ পৰে। মন কৰিবলগীয়া যে পাঞ্জাৱৰ বৰ্ণালাত শাৰী পাতি ৰৈ থকা অৱস্থাত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয়। Share this:FacebookX Related Post navigation এটা উপকাৰী মহৌষধ ৰাজ্যৰ ৰাজনীতিত আন এক জোকাৰণি