অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দুৰ্গম ৰাংলম (Ranglom) ত নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহী সংগঠনৰ মাজত ভয়ানক সংঘৰ্ষ । বিদ্ৰোহী সংগঠন এন এছ চি এন-কে (ৱাই এ) আৰু আছাম ৰাইফলছৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ ৷ প্ৰায় তিনি ঘণ্টা ধৰি দুই পক্ষৰ মাজত অব্যাহত আছে গুলীয়াগুলী । বৰ্তমানো চলি আছে এই সংঘৰ্ষ ৷জানিব পৰা মতে সোমবাৰে পুৱা ৰাংলম নামৰ ঠাইত অৱস্থিত অষ্টম আছাম ৰাইফলছৰ শিবিৰলৈ লক্ষ্য কৰি বিদ্ৰোহী সংগঠনটোৱে গুলীবৰ্ষণ কৰিছিল ৷ বিদ্ৰোহী সংগঠনটোৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত আছাম ৰাইফলছেও গুলীচালনা কৰে ৷ বৰ্তমানলৈ হতাহতৰ তথ্য জানিব পৰা হোৱা নাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *