দক্ষিণ-পূব বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ শক্তিশালী হৈছে । দক্ষিণ ভাৰতৰ বহু ঠাইত বৰষুণ হোৱাৰ লগতে ক্ষয়-ক্ষতিৰ পৰিমাণ প্ৰচুৰ হোৱাৰ আশংকা কৰা হৈছে । এই পৰিস্থিতি সম্পূৰ্ণ এটা দিন ধৰি অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে ।বুধবাৰৰ ভিতৰত এই বতাহজাকে উত্তৰ-পশ্চিম দিশলৈ গতি কৰাৰ লগতে বাপাটলা আৰু বিশাখাপট্টনমৰ মাজৰ য়ানামৰ ওচৰৰে উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । সেই সময়ত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১১৫ কিলোমিটাৰৰ পৰা ১২৫ কিলোমিটাৰ হ’ব পাৰে । কোনো কোনো সময়ত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১৪০ কিলোমিটাৰ পৰ্যন্ত হোৱাৰ সম্ভাৱনা থকা বুলিও বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে ।
এই সময়ছোৱাত সাগৰৰ ঢৌ ১ ৰ পৰা ১.৫ মিটাৰ পৰ্যন্ত ওপৰলৈ উঠাৰ সম্ভাৱনা আছে । যদিহে সাগৰৰ ঢৌ ইমান ওপৰলৈ উঠে তেন্তে পূব গোদাবৰী, কাক্কিনাড়া আৰু য়ানামৰ উপকূলীয় অঞ্চলসমূহ প্লাবিত হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ।

Leave a Reply

Your email address will not be published. Required fields are marked *