আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত আজি কোকৰাঝাৰত ৪৫৭৪ কোটি টকাৰ কেবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই প্ৰকল্পসমূহৰ ভিতৰত ৮০০ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে ‘অসম মালা ৩.০’ আৰু বাঁহবাৰীত এটা ৰে’লৱে ৱেগন কৰ্মশালা স্থাপনৰ আঁচনি অন্তৰ্ভুক্ত আছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে সমগ্ৰ বড়োলেণ্ড অঞ্চলত এক নতুন ৰাজনৈতিক চৰ্চাৰ সৃষ্টি কৰিছে।

সামাজিক মাধ্যমৰ জৰিয়তে এই আঁচনিসমূহৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা ব্যক্ত কৰে। তেওঁ উল্লেখ কৰে যে এই নতুন প্ৰকল্পসমূহে বিটিআৰৰ যোগাযোগ আৰু উদ্যোগ খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰিব। প্ৰতিকূল বতৰৰ মাজতো কোকৰাঝাৰৰ এই চৰকাৰী অনুষ্ঠানত জনসাধাৰণৰ উপস্থিতি পৰিলক্ষিত হয়।

অৱশ্যে নিৰ্বাচনৰ ঠিক পূৰ্বমুহূৰ্তত এনে বৃহৎ অংকৰ প্ৰকল্প ঘোষণা কৰাক লৈ বিৰোধী পক্ষই ইয়াক চৰকাৰৰ ‘নিৰ্বাচনী গিমিক’ আখ্যা দিছে। বিটিআৰৰ বহু মৌলিক সমস্যা আজিও সমাধান নোহোৱাকৈ থকা অৱস্থাত কেৱল আধাৰশিলাৰ ৰাজনীতিৰে ৰাইজক পতিয়ন নিয়াব পৰা যাব নে নাই, তাক লৈও ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *