ন্যায়পালিকাৰ দুৰ্নীতি আৰু প্ৰলম্বিত গোচৰ সন্দৰ্ভত বিতৰ্কিত অধ্যায় অন্তৰ্ভুক্ত কৰাৰ বাবে মঙলবাৰে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে। অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি ‘ভাৰত আৰু ইয়াৰ বাহিৰৰ সমাজৰ সন্ধান’ নামৰ কিতাপখনৰ চতুৰ্থ অধ্যায়ত ন্যায়পালিকাৰ ভূমিকাক লৈ কৰা মন্তব্যৰ বাবে পৰিষদৰ সঞ্চালক আৰু সদস্যসকলে এই নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা জনাইছে। প্ৰতিষ্ঠানটোৱে ইতিমধ্যে সমগ্ৰ কিতাপখন বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা বুলিও স্পষ্ট কৰি দিছে।

উচ্চতম ন্যায়ালয়ে এই বিষয়টোক লৈ শিক্ষা পৰিষদক কঠোৰ ভাষাৰে ভৰ্ৎসনা কৰাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ন্যায়ালয়ে ন্যায়পালিকাৰ বিৰুদ্ধে কৰা এনে আলোচনা এক গভীৰ আৰু সুপৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিহিত কৰে। ইয়াৰ উপৰিও পৰিষদৰ সঞ্চালক আৰু স্কুলীয়া শিক্ষা সচিবলৈ কাৰণ দৰ্শাওঁ জাননী জাৰি কৰি তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব, তাৰ ব্যাখ্যা বিচাৰিছে শীৰ্ষ আদালতে।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু বিপুল এম পাঞ্চোলীৰ বিচাৰপীঠে বিতৰ্কিত পাঠ্যপুথিখনৰ সকলো ডিজিটেল আৰু ছপা কপি বাজেয়াপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় আৰু ৰাজ্যিক শিক্ষা বিভাগসমূহৰ সৈতে সমন্বয় ৰাখি খুচুৰা বিক্ৰী কেন্দ্ৰ, গুদাম আৰু শিক্ষানুষ্ঠানৰ পৰা এই কিতাপসমূহ আঁতৰাবলৈ কোৱা হৈছে। এই নিৰ্দেশ পালনৰ দায়িত্ব শিক্ষা পৰিষদৰ সঞ্চালকৰ লগতে প্ৰতিখন বিদ্যালয়ৰ অধ্যক্ষৰ ওপৰত ন্যস্ত কৰা হৈছে।

ন্যায়ালয়ে লগতে নিৰ্দেশ দিছে যে এই পাঠ্যপুথিৰ আধাৰত কোনো ধৰণৰ শিক্ষাদান কৰিব নোৱাৰিব। সকলো ৰাজ্যৰ প্ৰধান সচিবসকলক এই নিৰ্দেশনা তৎক্ষণাত কাৰ্যকৰী কৰি এক অনুপালন প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। ন্যায়পালিকাৰ মৰ্যাদা হানি কৰিব পৰা যিকোনো বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত আদালতে অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ সকীয়াই দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *