বৰ্তমানৰ বৈশ্বিক সংঘাতসমূহে ‘চমু আৰু নিৰ্ণায়ক যুদ্ধ’ৰ ধাৰণাটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত ‘ৰাইছিনা ডাইলগ ২০২৬’ত অংশ লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে নৌসেনা মুৰব্বী এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীয়ে। বিশ্বজনীন পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি দেশসমূহক নিজাকৈ শক্তিশালী প্ৰতিৰক্ষা উদ্যোগ গঢ়ি তোলাৰ বাবে তেওঁ আহ্বান জনায়। প্ৰতিৰক্ষা প্ৰস্তুতিৰ সন্দৰ্ভত এডমিৰেল ত্ৰিপাঠীয়ে কয়, “শীতল যুদ্ধৰ পৰৱৰ্তী শান্তিৰ সময়ছোৱা এতিয়া অন্ত পৰিছে। গতিকে প্ৰতিখন দেশে নিজৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে সষ্টম হোৱা উচিত আৰু ইয়াৰ বাবে নিজা প্ৰতিৰক্ষা ঔদ্যোগিক কমপ্লেক্স গঢ়ি তোলাটো অত্যন্ত জৰুৰী।” তেওঁ লগতে কয়, “প্ৰযুক্তি অতি দ্ৰুতগতিত সলনি হৈছে। কেৱল সামৰিক সঁজুলি উৎপাদন কৰাই নহয়, উৎপাদনৰ সময়তে সেইবোৰ উন্নীত কৰিব পৰা ক্ষমতাও আমাৰ থাকিব লাগিব।” নৌসেনা মুৰব্বীগৰাকীয়ে বিশ্বজুৰি চলি থকা সামৰিক সংঘাতসমূহৰ পৰা শিক্ষা লৈ কয় যে এতিয়া যুদ্ধবোৰ চমু হ’ব বুলি ধৰি ল’ব নোৱাৰি। যোগান শৃংখলৰ সংকট আৰু সম্পদৰ ওপৰত একাধিপত্যই দেশসমূহক আত্মনিৰ্ভৰশীল হ’বলৈ বাধ্য কৰিছে। ভাৰতে বৰ্তমান ‘আত্মনিৰ্ভৰ ভাৰত’ৰ লক্ষ্যৰে কাম কৰি থকাৰ লগতে সহযোগী দেশসমূহৰ সৈতে প্ৰতিৰক্ষা সঁজুলিৰ সহ-উন্নয়ন আৰু সহ-উৎপাদনত গুৰুত্ব দিছে। ৰাছিয়াৰ সৈতে ভাৰতৰ সামৰিক সম্পৰ্কই আমেৰিকা বা ইউৰোপৰ সৈতে সহযোগিতাত বাধা দিছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ভাৰতে নিজৰ সামৰিক সক্ষমতা বৃদ্ধিৰ বাবে বিভিন্ন অংশীদাৰৰ সৈতে কাম কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সজাগ। ৰাছিয়াও ভাৰতৰ তেনে এজন গুৰুত্বপূৰ্ণ অংশীদাৰ। প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ এই কৌশলগত স্বতন্ত্ৰতাই দেশখনক আধুনিক যুদ্ধৰ বাবে সাজু কৰি তুলিছে। Share this:FacebookX Related Post navigation নীতিশ কুমাৰৰ ৰাজ্যসভা গমনক লৈ তীব্ৰ কটাক্ষ কংগ্ৰেছৰ; বিহাৰৰ পৰিস্থিতিক ‘ৰাজনৈতিক বিদ্ৰোহ’ আখ্যা জয়ৰাম ৰমেশৰ ১৬ বছৰ অনুৰ্ধৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া; বাজেটত এই ঘোষণা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ