আৰক্ষীৰ জিম্মাৰ পৰা মুকলি কৰি দিয়া হ’ল নলবাৰীৰ উত্তপ্ত নিশাৰ প্ৰতিবাদকাৰী কংগ্ৰেছী নেতা-কৰ্মীসকলক। যোৱা নিশা প্ৰাক্তন বিধায়ক অশোক শৰ্মাসহ কেইবাজনো নেতাক নলবাৰী আৰক্ষীয়ে আটক কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। নিজৰ দলীয় সতীৰ্থক আক্ৰমণ কৰা দোষীক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষী থানাৰ সন্মুখত গৰজি উঠা এইসকল নেতাক নিশাৰ অন্ধকাৰতে জিম্মাত লৈছিল আৰক্ষীয়ে। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ মাজতে কংগ্ৰেছ নেতা পৰাগ চক্ৰৱৰ্তীক আক্ৰমণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি নলবাৰীত এতিয়া সৃষ্টি হৈছে এক উত্তপ্ত ৰাজনৈতিক পৰিৱেশৰ। আৰক্ষীৰ জিম্মাৰ পৰা ওলাই আহিয়েই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি অশোক শৰ্মাই কয়, “নলবাৰীত যি ঘটিল সেয়া এক অতি ভয়ংকৰ ইংগিত। আমাৰ নেতাৰ ওপৰত আক্ৰমণ হ’ল, অথচ আৰক্ষীয়ে দোষীক গ্ৰেপ্তাৰ কৰাৰ সলনি আমাকহে আটক কৰিলে।” চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰাক্তন বিধায়কগৰাকীয়ে স্পষ্টকৈ কয়, “বিৰোধীৰ কণ্ঠ ৰোধ কৰিবলৈ এতিয়া পুলিচক ব্যৱহাৰ কৰা হৈছে। নিৰ্বাচনৰ আগে আগে আমাক ভাবুকি দি ভয় খুৱাব বিচাৰিছে বিজেপি চৰকাৰে।” আনহাতে, বিজেপিয়েও ওলোটাই কংগ্ৰেছৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে। বিৰোধী দলৰ ওপৰত হোৱা এই দমন নীতিয়ে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি দাবী কৰিছে কংগ্ৰেছে। দোষীক অতি সোনকালে কৰায়ত্ত নকৰিলে পৰৱৰ্তী সময়ত জিলাজুৰি অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে দলটোৰ নেতা-কৰ্মীসকলে। Share this:FacebookX Related Post navigation ইন্ধন সংকটত ককবকাই থকা বাংলাদেশলৈ সহায়ৰ হাত ভাৰতৰ; পাইপলাইনেৰে পঠোৱা হ’ল ৫০০০ টন ডিজেল অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যত চৰকাৰৰ বিশাল বিত্তীয় চমক; ৪০ লাখ মহিলাৰ একাউণ্টত সোমাল ৩৬০০ কোটি টকা