মেৰাপানীত অব্যাহত নগাৰ উপদ্ৰৱ । নগাৰ গুলীত আহত এজন ।মেৰাপানীৰ অসম-নাগালেণ্ড সীমান্তৰ দয়ালপুৰ জ্যোতি পথাৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । পিকনিক খাবলৈ যোৱা যুৱকলৈ লক্ষ্য কৰি নগাৰ গুলীচালনা । পিকনিকৰ দলটোৰ তিনিজনকৈ লোক আহত । আহত কেইজন ক্ৰমে প্ৰকাশ বড়ো, সুব্ৰত নায়ক আৰু ধনঞ্জয় খাকলাৰী । প্ৰকাশ বড়ো নগাৰ গুলীত আহত আৰু আন দুজনক দাৰে আক্ৰমণ কৰি আহত কৰে ।ইফালে এই ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে । কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মেৰাপানী চি আৰ পি এফৰ কেম্পৰ ওচৰত তীব্ৰ প্ৰতিবাদ জনায় । মেৰাপানীৰ দয়ালপুৰ জ্যোতি পথাৰত সংঘটিত হোৱা গুলীচালনাত এগৰাকী আৰু দাৰ ঘাপত আহত দুজনকৈ যুৱক আহত হোৱাৰ ঘটনাই মেৰাপানীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।ইফালে ইয়াৰ পিছতে উক্ত ঘটনাৰ লগত জড়িত তিনিজনক ভাণ্ডাৰী প্ৰশাসনৰ সহযোগত মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি এক প্ৰেছ বিবৃতিৰ জড়িয়তে গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়ে । গ্ৰেপ্তাৰ কৰা তিনিজন ক্ৰমে জাখাই ছুমি, ইনিতো ইয়েপথোমে আৰু খাইষো ঝিমো বুলি জানিবলৈ দিয়ে । Share this:FacebookX Related Post navigation বিতৰ্কিত ইউটিউবাৰ তথা বিগবছ অ’টিটি বিজয়ী এলভিছ যাদৱৰ ঘৰত দুজন লোকে গুলীচালনা উৰিয়ামঘাটৰ পিছত এইবাৰ বিশ্বনাথত চলিল প্ৰশাসনৰ বুলড’জাৰ