ৰানৱেলৈ উন্নীত হ’ল মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে মৰাণৰ ৰাজপথত নিৰ্মাণ কৰা ELF ৷ মৰাণৰ ৰাজপথত বায়ু সেনাই দেখুৱালে শক্তি ৷ডিব্ৰুগড় জিলাৰ মৰাণত নিৰ্মীয়মান চাৰিলেনযুক্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ অত্যাধুনিক উন্নতমানৰ ইমাৰজেন্সী লেণ্ডিং ফিল্ডত (ELF) আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

উল্লেখ্য যে আজি মৰাণত আয়োজিত এই বিশেষ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বায়ুসেনাৰ মুখ্য মাৰ্শ্বাল এ পি সিঙে (Air Chief Marshal A P Singh) । মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰীক অসমৰ স্বাভিমান এখন গামোচা, এটি ফুলাম জাপি আৰু আমাৰ চুতীয়া ৰাজ্যৰ অন্তিমগৰাকী ৰাণী সতী সাধনীৰ এখনি প্ৰতিচ্ছবিৰে আদৰণি জনায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *