বিশ্বখ্যাত কাৰ্ডিঅ’লজিষ্ট তথা হৃদ্পিন্ড প্ৰতিস্থাপন চৰ্জন ড° দিমিত্রি ইয়াৰানৱে সাম্প্ৰতিকভাৱে এখন ইনষ্টাগ্ৰাম ভিডিঅ’ৰ জৰিয়তে দীৰ্ঘদিন ধৰি মদ্যপান কৰাৰ ফলত হ’ব পৰা ভয়ংকৰ স্বাস্থ্যঝুঁকিৰ বিষয়ে সতর্ক কৰিছে। ভিডিঅ’টোত তেওঁ কয় যে দীৰ্ঘকালীনভাৱে এলক’হল গ্ৰহণ কৰিলে হৃদ্পিন্ডত গভীৰ ক্ষতি হয় আৰু সময়ৰ সৈতে হৃদ্পিন্ডৰ গঠন আৰু কাৰ্যক্ষমতা দুয়ো ক্ষয় হয়। ড° ইয়াৰানৱে বাখ্যা কৰি কয় যে, নিয়মীয়াভাৱে মদ্যপান কৰিলে অন্ততঃ পাঁচ প্ৰকাৰৰ গম্ভীৰ হৃদ্ৰোগ হোৱাৰ সম্ভাৱনা থাকে। তেনে এটি বিপদজনক অৱস্থা হৈছে এলক’হলিক কাৰ্ডিঅ’মায়’পেথি, য’ত হৃদ্পিন্ডৰ মাংসপেশী ডাঠ, কঠিন বা অস্বাভাৱিকভাৱে ডাঙৰ হৈ উঠে। ফলত হৃদ্পিন্ড দুৰ্বল হৈ পৰে আৰু ৰক্ত পাম্প কৰাৰ ক্ষমতা কমি যায়। তেওঁৰ মতে, প্ৰতি ৩ গৰাকী নিয়মীয়া মদ্যপায়ীৰ ভিতৰত ১ গৰাকীৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। দ্বিতীয়টো সমস্যা হৈছে এট্ৰিয়েল ফাইব্ৰিলেচন (AFib) — হৃদ্পিন্ডৰ ওপৰৰ অংশবোৰৰ অনিয়মীয়া আৰু বেছি গতিৰে স্পন্দন। এই অৱস্থাই স্ট্ৰ’কৰ সম্ভাৱনা বহু গুণে বৃদ্ধি কৰে। গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি, AFib-ত আক্ৰান্ত হোৱা প্ৰতি ৪ গৰাকীৰ ভিতৰত ১ গৰাকীৰ এলক’হল গ্ৰহণৰ ইতিবৃত্ত থাকে। তৃতীয়তে, এলক’হল খালে ৰক্তচাপ বৃদ্ধি পায়, যিয়ে হৃদ্পিন্ডত অধিক চাপ সৃষ্টি কৰে। প্ৰতি পেগ এলক’হলে ৰক্তচাপ ২-৪ mmHg পৰ্যন্ত বৃদ্ধি কৰিব পাৰে। এই অধিক চাপ দীঘলীয়া সময়ৰ ভিতৰত হৃদ্পিন্ড ক্ষয় কৰাৰ কাৰণ হ’ব পাৰে। চতুৰ্থ ক্ষতিকাৰক দিশ হিচাপে ড° ইয়াৰানৱে উল্লেখ কৰে যে, দিনটোত ৩টাৰ অধিক এলক’হলিক পানীয় গ্ৰহণ কৰিলে স্ট্ৰ’কৰ বিপদ প্ৰায় ৫০% পৰ্যন্ত বৃদ্ধি পায়। অধিক এলক’হলে ৰক্তনালীৰ স্থিতিস্থাপকতা কমাই দিয়ে, যাৰ ফলত সাধাৰণ ৰক্তচলাচলতো বাধা সৃষ্টি হয়। অন্তিমত, ড° ইয়াৰানৱে কয় যে দীৰ্ঘকালীনভাৱে মদ্যপান কৰিলে কোৰ’নাৰী আৰ্টাৰী ডিজিজ (CAD) হোৱাৰ সম্ভাৱনা দু’বাৰ বৃদ্ধি পায়, যি হাৰ্ট এটেক আৰু দীঘলীয়া হৃদ্জনিত সমস্যাৰ মুখ্য কাৰণ। এই ধৰণৰ ৰোগ কেতিয়াবা পূৰ্ব সংকেত নোহোৱাকৈয়ো হঠাৎ দেখা দিব পাৰে। ড° ইয়াৰানৱৰ এই সতর্কবার্তাক American Heart Association-এ সমৰ্থন কৰিছে। তেওঁলোকৰ মতে, হৃদ্স্বাস্থ্য ৰক্ষা কৰিবলৈ এলক’হল এক বিপদজনক পদাৰ্থ, আৰু সু-স্বাস্থ্যৰ বাবে ইয়াত কঠোৰ নিয়ন্ত্ৰণ আৱশ্যক। বিশেষজ্ঞসকলৰ মতে, এলক’হলৰ ক্ষতিকাৰক প্ৰভাৱক সহজভাৱে লোৱাটো উচিত নহয়। হৃদ্ৰোগ ৰোধ কৰিবলৈ সচেতনতা, জীৱনশৈলীত পৰিৱর্তন, নিয়মীয়াভাৱে স্বাস্থ্য পৰীক্ষা, সঠিক চিকিৎসা আৰু এলক’হল গ্ৰহণত সংযম একমাত্ৰ বিকল্প। Share this:FacebookX Related Post navigation ভাৰতত ৩১ শতাংশ মৃত্যুৰ কাৰণ হৈছে হৃদৰোগ মহিলাই অধিক বিষ অনুভৱ কৰে: বৈজ্ঞানিক গৱেষণাৰ তথ্য