বিধানসভা নিৰ্বাচনৰ মুখত অসম কংগ্ৰেছত পুনৰ সৃষ্টি হৈছে তীব্ৰ খহনীয়াৰ। গোৱালপাৰা পশ্চিম সমষ্টিৰ তিনিবাৰৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে সোমবাৰে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত মণ্ডলে কংগ্ৰেছ ত্যাগ কৰি আঞ্চলিকতাবাদৰ হাত ধৰাত বিৰোধী শিৱৰত বিশেষ চাঞ্চল্যৰ সৃষ্টি হৈছে।

যোগদান অনুষ্ঠানত আব্দুৰ ৰছিদ মণ্ডলে কয় যে এজন সাধাৰণ কৰ্মী হিচাপে তেওঁ অখিল গগৈৰ হাত শক্তিশালী কৰিবলৈ সাজু হৈছে। অৱশ্যে কংগ্ৰেছৰ তৰফৰ পৰা জনোৱা হৈছে যে মণ্ডলে বৰ্তমানলৈকে দলৰ ওচৰত কোনো আনুষ্ঠানিক পদত্যাগ পত্ৰ দাখিল কৰা নাই। ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ ৰাজনৈতিক স্থিতিও এতিয়া ওলমি থকা পৰিলক্ষিত হৈছে।

নেতৃত্বই অৱহেলা কৰাৰ অভিযোগ তুলি পদত্যাগ পত্ৰ প্ৰেৰণ কৰা ভূপেন বৰাক বুজাবলৈ হাই কামাণ্ডে নিৰন্তৰ প্ৰচেষ্টা চলাইছে। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে হোৱা আলোচনাৰ পাছত বৰাই তেওঁৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ মঙলবাৰৰ পুৱালৈকে সময় বিচাৰিছে। বৰাই নিজ গৃহত সাংবাদিকৰ আগত জনায় যে পৰিয়ালৰ সৈতে আলোচনা কৰিহে তেওঁ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক মুকলিভাৱে বিজেপিলৈ আমন্ত্ৰণ জনাইছে। বৰাই দল সলালে তেওঁক এখন ‘নিৰাপদ আসন’ দিয়াৰো প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়। ইপিনে গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ দৰে শীৰ্ষ নেতাসকলে বৰাক দলত ৰাখিবলৈ আপ্রাণ চেষ্টা চলাইছে। নিৰ্বাচনৰ সময়ত এজনৰ পাছত আনজন নেতাই দল ত্যাগ কৰা ঘটনাই কংগ্ৰেছৰ সাংগঠনিক ভেটিত কুঠাৰাঘাত কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *