মেদান্ত – নিউজউইকে একেৰাহে ছবছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা গুৰগাঁওস্থিত মেদাণ্ট–দ্য মেডিচিটীয়ে উত্তৰ-পূব অঞ্চলত নিজৰ প্ৰসাৰ শক্তিশালী কৰিছে, ব্ৰেকিয়েল প্লেক্সাছত হোৱা আঘাতৰ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্বিলঙত বিশেষজ্ঞৰ উপলব্ধতা কঢ়িয়াই অনাৰ লগতে কম্পিউটাৰৰ সহায়ত প্লাষ্টিক চাৰ্জাৰী বিষয়ক এখন সন্মিলনৰ আয়োজন কৰিছে, যাক প্ৰাথমিকভাৱে মূৰ আৰু ডিঙিৰ পুনৰ্গঠনৰ বাবে ব্যৱহাৰ কৰা হয়। ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন (আই এম এ)ৰ মেঘালয় শাখা আৰু মেঘালয় মেডিকেল চাৰ্ভিচেছ এছ’চিয়েচনৰ সহযোগত আয়োজন কৰা এই দুয়োটা অনুষ্ঠান পৰিচালনা কৰে মেদাণ্ট—দ্য মেডিচিটীৰ প্লাষ্টিক, এষ্টেটিক আৰু ৰিকনষ্ট্ৰাকটিভ চাৰ্জাৰীৰ অধ্যক্ষ ডাঃ ৰাকেশ কুমাৰ খাজাঞ্চিয়ে। এই পদক্ষেপে চিকিৎসাৰ উৎকৃষ্টতা আৰু ৰোগীৰ সজাগতা বৃদ্ধিৰ লগতে সমগ্ৰ দেশতে বিশ্বমানৰ স্বাস্থ্যসেৱা সুলভ কৰি তোলাৰ বাবে মেদাণ্টাৰ সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ব্ৰেকিয়াল প্লেক্সাছ হৈছে মেৰুদণ্ডৰ পৰা কান্ধ, বাহু আৰু হাতলৈ সংকেত প্ৰেৰণ কৰা স্নায়ুৰ এটা গোট। ব্ৰেকিয়াল প্লেক্সাছৰ আঘাত জন্মৰ সময়তো হ’ব পাৰে, প্ৰতি ১০০০টা নৱজাতক জন্মৰ ভিতৰত প্ৰায় ৩টা জন্ম এনে ধৰণে হোৱা দেখা যায় আৰু ভাৰতৰ যুৱ প্ৰাপ্তবয়স্কৰ মাজত ই মোটামুটি সাধাৰণ ধৰণৰ হৈ পৰিছে, বেছিভাগেই দুচকীয়া বাহন চলাওঁতে বাহন দুৰ্ঘটনাৰ সময়ত হয়।ডাঃ খজাঞ্চীয়ে ব্ৰেকিয়েল প্লেক্সাছ অস্ত্ৰোপচাৰৰ লগতে প্লাষ্টিক অস্ত্ৰোপচাৰ, পুনৰ গঠনমূলক অস্ত্ৰোপচাৰ, কটা অংশসমূহৰ পুনৰ স্থাপন আৰু ভাস্কুলাৰ বিকৃতি(মলফৰ্মেচন)ৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষজ্ঞ, আৰু পুনৰ গঠনমূলক প্ৰক্ৰিয়া বিচৰা ৰোগীসকলক উন্নত অস্ত্ৰোপচাৰৰ সমাধান প্ৰদান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্বিলঙত ডাঃ খজাঞ্চীয়ে “ব্ৰেকিয়েল প্লেক্সাছ আঘাত-ব্যৱস্থাপনাৰ নীতি” শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে। নিজৰ ভাষণৰ সময়ত তেওঁ কয় যে, ব্ৰেকিয়েল প্লেক্সাছৰ আঘাতৰ চিকিৎসাৰ বাবে অস্ত্ৰোপচাৰ হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প, অস্ত্ৰোপচাৰৰ মেৰামতিৰ সময়সীমা আৰোগ্যৰ বাবে এক গুৰুত্বপূৰ্ণ কাৰক। মেদাণ্ট-দ্য মেডিচিটীৰ প্লাষ্টিক, এস্থেটিক আৰু পুনৰ গঠনমূলক অস্ত্ৰোপচাৰৰ অধ্যক্ষ ডাঃ ৰাকেশ কুমাৰ খজাঞ্চীয়ে কয় যে, “যদি ৬ মাহৰ ভিতৰত চিকিৎসা কৰা হয়, ফলাফলবোৰ অত্যাৱশ্যকীয় মটৰ কাৰ্য পুনৰুদ্ধাৰৰ বাবে অনুকূল।” এই অনুষ্ঠানত উপস্থিত থকা সকলৰ ভিতৰত আছিল আইএমএ মেঘালয় শাখাৰ সভাপতি ডাঃ চি. দানিয়ালা, সন্মানীয় সচিব ডাঃ ভাস্কৰ বৰগোঁহাই, এমএমএছএৰ অধ্যক্ষ ডাঃ মেকমিলান ছুৰং আৰু এমএমএসএৰ সন্মানীয় সচিব ডাঃ ৰিটাৰ্ন পোহছনেম। ডাঃ খজাঞ্চীয়ে কম্পিউটাৰ-এডেড প্লাষ্টিক চাৰ্জাৰীৰ ওপৰতো নিজৰ অভিমত ব্যক্ত কৰে, ই এনে এক প্ৰক্ৰিয়া য’ত শল্য চিকিৎসকসকলে উন্নত কম্পিউটাৰ চফ্টৱেৰ ব্যৱহাৰ কৰি ৰোগীৰ মুখ আৰু খোলা(স্কাল)ৰ ৩-ডি মডেল প্ৰস্তুত কৰে। “কম্পিউটাৰ এডেড প্লাষ্টিক চাৰ্জাৰী-কনটেম্পৰেৰী ষ্টেট অৱ আৰ্ট” শীৰ্ষক বিষয়ত ভাষণ দি তেওঁ কয় যে, “ভাৰ্চুৱেল চাৰ্জিকেল পৰিকল্পনাই ক্ৰেনিঅ’ ফেচিয়েল ৰিকনষ্ট্ৰাকচনক ৰূপান্তৰিত কৰিছে। উন্নত কম্পিউটাৰ চফ্টৱেৰ ব্যৱহাৰ কৰি শল্য চিকিৎসকসকলে ৰোগীৰ মুখ আৰু মূৰৰ খোলাৰ সঠিক ৩-ডি মডেল প্ৰস্তুত কৰিব পাৰে।” Share this:FacebookX Related Post navigation এছবিআই কাৰ্ড আৰু ফ্লিপকাৰ্টে যুটীয়াভাৱে ‘ফ্লিপকাৰ্ট এছবিআই ক্ৰেডিট কাৰ্ড’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে টিভিএছ ৰেইডাৰ ছুপাৰ স্কোয়াড এডিচন ডেডপুল আৰু উলভাৰাইন ভেৰিয়েন্টৰ সৈতে সম্প্ৰসাৰণ কৰা হৈছে