অসমৰ বহুতো পৰিয়ালৰ বাবে কৰ্কট ৰোগ চিনাক্ত হোৱাৰ লগে লগে সমানে ভয়, অনিশ্চয়তা আৰু চিকিৎসাৰ বাবে দীৰ্ঘ দূৰত্ব ভ্ৰমণৰ চাপো থাকে। অৱশ্যে, চিকিৎসকসকলে কয় যে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিয়ে আজি ৰোগীসকলৰ বাবে কৰ্কট ৰোগৰ অৰ্থ সলনি কৰিছে। এই আশাব্যঞ্জক বাৰ্তাক সাৰোগত কৰি মেদান্তা –দ্য মেডিচিটীয়ে অহা ৩১ জানুৱাৰীত উত্তৰ লখিমপুৰত কৰ্কট ৰোগৰ সজাগতা আৰু চিকিৎসাজনিত ক্ৰিয়া-কলাপ কাৰ্যসূচীৰ আয়োজন কৰিছে, য’ত কেন্সাৰ ইনষ্টিটিউটৰ মেডিকেল অংক’লজী আৰু হেমাট’ অংক’লজী বিভাগৰ জ্যেষ্ঠ সঞ্চালক ডাঃ কুঞ্জহৰি মেধিয়ে নতুন কৰ্কট ৰোগৰ চিকিৎসা আৰু ৰোগীসকলক উন্নত মানৰ জীৱন যাপন কৰাত সহায় কৰিবলৈ দিহা-পৰামৰ্শ আগবঢ়ায়।অসমত আজিৰ তাৰিখতো ৰাষ্ট্ৰীয় গড়তকৈ অধিক কৰ্কট ৰোগৰ হাৰ অব্যাহত আছে, ধঁপাত সম্পৰ্কীয় কৰ্কট ৰোগে পুৰুষক ব্যাপকভাৱে আক্ৰান্ত কৰিছে আৰু মহিলাৰ মাজত স্তন আৰু জৰায়ুৰ মুখৰ কৰ্কট ৰোগ সাধাৰণ হৈ পৰিছে। বিশ্বৰ হিচাপত প্ৰায় প্ৰতি পাঁচজন লোকৰ ভিতৰত এজনে জীৱনকালত কৰ্কট ৰোগত আক্ৰান্ত হয়, যিয়ে সজাগতা আৰু উন্নত চিকিৎসাৰ সুবিধাৰ জৰুৰী প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তুলিছে। “কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত শেহতীয়া অগ্ৰগতি: ইমিউন’থেৰাপি আৰু টাৰ্গেটেড থেৰাপি” শীৰ্ষক বিষয়ত বক্তব্য ৰাখি মেদান্তাৰ কৰ্কট প্ৰতিষ্ঠানৰ মেডিকেল অংক’লজি আৰু হেমাটো অংক’লজিৰ জ্যেষ্ঠ সঞ্চালক ডাঃ কুঞ্জহৰি মেধিয়ে কয় যে, “ইমিউন’থেৰাপি আৰু টাৰ্গেটেড থেৰাপিয়ে গতানুগতিক চিকিৎসাৰ ব্ৰড-ব্ৰাছ পদ্ধতিৰ কাষেৰে পাৰ হৈ যায়, যাৰ ফলত চিকিৎসকসকলে প্ৰতিটো টিউমাৰৰ অনন্য জীৱবিজ্ঞানৰ ওপৰত ভিত্তি কৰি চিকিত্সাৰ ব্যক্তিগতকৰণ কৰিব পাৰে। ফলত কেৱল অধিক নিখুঁততা আৰু ফলপ্ৰসূতাই নহয়, পৰম্পৰাগতভাৱে কৰ্কট ৰোগৰ পৰা ৰক্ষা পোৱা লোকসকলৰ ওপৰত বোজা জাপি দিয়া কঠোৰ পাৰ্শ্বক্ৰিয়াসমূহো যথেষ্ট হ্ৰাস পায়।” সুস্থ আৰু কেন্সাৰ কোষ উভয়কে প্ৰভাৱিত কৰা পৰম্পৰাগত কেম’থেৰাপিৰ দৰে নহয়, এই নতুন চিকিৎসা পদ্ধতিসমূহে চিকিৎসকসকলক ব্যক্তিগত ৰোগীৰ অনুকূলে চিকিৎসা নিৰ্ধাৰণ কৰিবলৈ সুবিধা কৰি দিয়ে। ডাঃ মেধিয়ে উল্লেখ কৰে যে, ‘’ইমিউন’থেৰাপি আৰু টাৰ্গেটেড থেৰাপিৰ ক্ষেত্ৰত এতিয়াও প্ৰত্যাহ্বান আছে, কিন্তু এই চিকিৎসাসমূহে অস্ত্ৰোপচাৰ, ৰেডিঅ’থেৰাপি আৰু কেম’থেৰাপিৰ উৰ্ধ্বলৈ গৈছে আৰু আশাৰ নতুন যুগৰ সূচনা কৰিছে – দীৰ্ঘদিন ধৰি হতাশাৰ সৈতে জড়িত ৰোগৰ পৰা কেন্সাৰক এনে এটা ৰোগলৈ স্থানান্তৰিত কৰা হৈছে য’ত দীৰ্ঘম্যাদী জীয়াই থকা আৰু জীৱনৰ ভাল মানদণ্ড ক্ৰমান্বয়ে লাভ কৰিব পৰা হৈছে।‘’ এই কাৰ্যসূচীত ভাৰতীয় চিকিৎসা সংস্থাৰ জ্যেষ্ঠ সদস্যসকলৰ লগতে আইএমএ লখিমপুৰ শাখাৰ সম্পাদক ডাঃ মাণিক মোহন বৰুৱা, আইএমএ লখিমপুৰ শাখাৰ সম্পাদক ডাঃ নিখিল কাকতিৰ লগতে স্থানীয় চিকিৎসকসকলো উপস্থিত থাকে। Share this:FacebookX Related Post navigation বেংগালুৰুৰ এটা ভাৰাঘৰৰ বন্ধ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসমৰ ৪ জনকৈ যুৱকৰ মৃতদেহ অৰুণাচল প্ৰদেশত এক্সিছ মেক্স লাইফৰ এছআইপি কৰ্মশালাৰ জৰিয়তে বীমা কভাৰেজ বৃদ্ধি