মধ্য আকাশত দেৱদূতৰ ৰূপত অৱতীৰ্ণ হ’ল এগৰাকী মহিলা চিকিৎসক। বিমানৰ ভিতৰত হঠাৎ অসুস্থ হৈ পৰা এগৰাকী যাত্ৰীক জৰুৰীকালীন চিকিৎসা আগবঢ়াই জীৱন ৰক্ষা কৰে মণিপুৰৰ চিকিৎসক ড° লনী লিৰিনাই। যোৱা ২৮ ফেব্ৰুৱাৰীত টকিঅ’ৰ পৰা নতুন দিল্লী অভিমুখে যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এ আই ৩৫৭ বিমানখনত এই জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হয়। বিমানখনে যাত্ৰা আৰম্ভ কৰাৰ প্ৰায় আঠ ঘণ্টাৰ পাছতেই তীব্ৰ বুকুৰ বিষত ভোগে এগৰাকী ২১ বছৰীয়া যাত্ৰী। সেই সংকটকালত বিমান কৰ্মীৰ ঘোষণা শুনি তৎপৰতাৰে আগবাঢ়ি আহে ইম্ফলৰ ববিনা স্পেচিয়েলিটী হাস্পতালৰ ক্ৰিটিকেল কেয়াৰ বিশেষজ্ঞ ড° লনী। আন এজন কনিষ্ঠ চিকিৎসকৰ সৈতে তেওঁ অসুস্থ যাত্ৰীগৰাকীক পৰীক্ষা কৰে। যাত্ৰীগৰাকীৰ হৃদস্পন্দন বৃদ্ধি পোৱাৰ লগতে ৰক্তচাপ আৰু অক্সিজেনৰ মাত্ৰা যথেষ্ট হ্ৰাস পোৱা বুলি ধৰা পেলায় চিকিৎসকগৰাকীয়ে। যাত্ৰীগৰাকীৰ তীব্ৰ হাপানীৰ সমস্যা হোৱা বুলি চিনাক্ত কৰি ড° লনীয়ে আৰম্ভ কৰে জৰুৰীকালীন চিকিৎসা। বিমানত উপলব্ধ থকা সঁজুলিৰ সহায়ত তেওঁ যাত্ৰীগৰাকীক অক্সিজেন আৰু নেবুলাইজেচন প্ৰদান কৰে। মাত্ৰ ৩০ মিনিটৰ ভিতৰতে যাত্ৰীগৰাকী সুস্থ হৈ উঠাত দিল্লীত সুৰক্ষিতভাৱে অৱতৰণ কৰে বিমানখনে। উল্লেখ্য যে, মণিপুৰৰ সেনাপতি জিলাৰ ড° লনী লিৰিনাই বৰ্তমান ইম্ফলৰ আমেৰিকান অনক’লজী ইনষ্টিটিউটত সেৱা আগবঢ়াই আছে। এই ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে বিমানত এনে জৰুৰীকালীন অৱস্থা মাজে মাজে ঘটে আৰু সেই সময়ত অভিজ্ঞ চিকিৎসকৰ উপস্থিতিয়ে ডাঙৰ বিপদ ৰোধ কৰিব পাৰে। মণিপুৰী চিকিৎসকগৰাকীৰ এই প্ৰশংসনীয় পদক্ষেপক এতিয়া দেশজুৰি সকলোৱে শলাগ লৈছে। Share this:FacebookX Related Post navigation বিশ্বাসঘাতকতা মুখ্যমন্ত্ৰীৰ তেজত আছেঃ হিমন্ত বিশ্ব শৰ্মাক লুৰীণজ্যোতি গগৈৰ তীব্ৰ আক্ৰমণ